অসমৰ স্বনামধন্য ব্যক্তি অসমীয়া সাহিত্য জগতৰ কাণ্ডাৰী স্বৰূপ,মিতভাষৰ জন্মদাতা, সাহিত্য অকাডেমী নগেন শইকীয়াৰ আজি ৮৪সংখ্যক ওপজাদিন ৷ ১৯৩৯চনৰ ১১ফেব্ৰুৱাৰীত অসমৰ গোলাঘাটত জন্ম গ্ৰহণ কৰিছিল অসমৰ সাহিত্য জগতৰ এজন উজ্জ্বল জোতিষ্ক নগেন শইকীয়াই ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে কাৰ্য্যনিৰ্বাহ কৰা নগেন শইকীয়া ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈকে ৰাজ্যসভাৰ সদস্য আছিল আৰু ১৯৯০চনৰ পৰা ১৯৯২ চনলৈকে উচ্চ সদনৰ উপ-সভাপতিৰ দায়িত্বত আছিল তেওঁ ৷ এগৰাকী শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা নগেন শইকীয়াই বিভিন্ন সময়ত নিজৰ কৰ্মনিষ্ঠাৰে অসমৰ বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানলৈ অৱদান আগবঢ়াইছে ৷ সময়ে সময়ে অসমীয়া সাহিত্যৰ বিভিন্ন বিষয়ৰ ওপৰত ইংলেণ্ড,আমেৰিকাকে আদি কৰি ভিন ভিন স্থানত তেওঁ প্ৰদান কৰা বহুমূলীয়া ভাষণে নতুন প্ৰজন্মকো যথেষ্ট উপকৃত কৰি আহিছে ৷
তেওঁৰ ভালেসংখ্যক অসমীয়া চুটি গল্প,উপন্যাস,প্ৰবন্ধ,ৰচনা আৰু গ্ৰন্থ অসমীয়া সাহিত্য জগতলৈ এক অনবদ্য অৱদান ৷ ১৯৯৭চনত নগেন শইকীয়াক ‘এন্ধাৰত নিজৰ মুখ’ নামৰ চুটি গল্প সংকলনৰ বাবে নিৰ্বাচিত ভাৰতীয় সাহিত্যিক সকললৈ আগবঢ়োৱা সাহিত্য অকাডেমীৰ সৰ্বোচ্চ সন্মান সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয় ৷আনহাতে ২০০৭চনত তেওঁক প্ৰদান কৰা হয় অসম উপত্যকা বঁটা ৷ তেওঁ সৃ্ষ্টি কৰা ‘মিতভাষ’ অসমীয়া সাহিত্য জগতলৈ এক অভূতপূৰ্ব সংযোজন ৷
অসমৰ বাবে অসমীয়া জাতিৰ বাবে গৌৰৱ ,নৱপ্ৰজন্মৰ পিতৃস্বৰূপ নগেন শইকীয়াদেৱৰ সু-স্বাস্থ্য কামনা কৰি তেওঁৰ ওপজা দিনটোত যাচিলোঁ অযুত শুভকামনা