বিচৰা ধৰণে পাকিস্তানক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যর্থ হৈছে বর্তমানৰ ইমৰান খান নেতৃত্বাধীন চৰকাৰখন ৷ শাসনভাৰ গ্ৰহনৰ পূর্বে দেশখনৰ জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি পুৰণ কৰিব নোৱাৰিলে বুলি স্বয়ং দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে স্বীকাৰ কৰিছে ৷ পাকিস্তানৰ আগশাৰীৰ সংবাদ পত্ৰ ‘ডন’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এক চৰকাৰী অনুষ্ঠানৰ সভাত প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি এই মন্তব্য কৰিছে ৷ অৱশ্যে ইয়াৰ বাবে দেশখনৰ আমোলা তন্ত্ৰক দোষাৰোপ কৰি তেওঁ কয় যে চৰকাৰী ব্যৱস্থাৰ আমোলাতান্ত্ৰিক “ত্ৰুটি”ৰ বাবে প্ৰতিশ্ৰুতি দিয়া “পৰিৱৰ্তন” আনিবলৈ সক্ষম হোৱা নাই। তেওঁ আৰম্ভণিতে দেশখনলৈ “বৈপ্লৱিক পৰিৱৰ্তন” আনিব বিচাৰিছিল ৷ কিন্তু চৰকাৰী ব্যৱস্থাটোৰ অক্ষমতাৰ বাবে এয়া সম্ভৱ হৈ নুঠিল ৷
তেওঁ লগতে কয় “চৰকাৰ আৰু দেশৰ স্বাৰ্থৰ মাজত কোনো সম্পৰ্ক নথকাতোৱেই আটাইতকৈ ডাঙৰ সমস্যা ৷ ” ক্ৰিকেটাৰৰ পৰা ৰাজনীতিবিদ হোৱা ইমৰান খানৰ চৰকাৰ শেহতীয়াকৈ ইন্ধন আৰু বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ তীব্ৰ চাপৰ সন্মুখীন হৈছে ৷ তদুপৰি দেশখনৰ ভাঙি পৰা অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যর্থতাক লৈ দেশবাসীয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে ৷ পাকিস্তানৰ উপভোক্তা মূল্য সূচাংক (চিপিআই) অনুসৰি জানুৱাৰীত এবছৰ আগৰ তুলনাত মুল্যবৃদ্ধি ১৩ শতাংশ বৃদ্ধি পাইছে ৷ বিগত দুবছৰৰ ভিতৰত এয়া হৈছে সৰ্বাধিক মুল্যবৃদ্ধি ।