চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত চুঙি লুখুৰাসন গাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷ ৫৫বছৰীয়া স্বামী গুণ দেউঘৰীয়াই ডিঙি চেপি হত্জা কৰিলে ৫০ বছৰীয়া পত্নী পুতুলী দেউঘৰীয়াক ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে হত্যাকাৰী গুণ দেউঘৰীয়াই বিভিন্ন সময়ত পৰিয়ালৰ লগতে চুবুৰীয়া আন সকলকো অশ্ৰব্য গালিৰে অতীষ্ঠ কৰি তুলিছিল ৷ আনহাতে কালি ঘৰত কোনো নথকাৰ সুযোগ লৈ পত্নীক অত্যাধিক মাৰপিট কৰাত আজি পুৱাতে পুতুলী দেউঘৰীয়াই মৃত্যুক সাবটি লয় ৷
ইফালে পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি কৰ্মসূত্ৰে পুত্ৰ-বোৱাৰীও ঘৰৰ পৰা আতৰি থাকিব লগা হৈছে বুলি জানিব পৰা গৈছে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ গাওঁৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াত হত্যাকাৰী গুণ দেউঘৰীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷মৃত পুতুলী দেউঘৰীয়াৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে স্থানীয় ৰাইজে হত্যাকাৰীক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে ৷ আনহাতে পুতুলী দেউঘৰীয়াৰ পৰিয়ালৰ লোকে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে