ঐতিহ্যমণ্ডিত সভা মহোৎসৱত জনসমুদ্ৰ, লোকে-লোকাৰণ্য হৈ পৰিল সত্ৰ সংস্কৃতিৰ কঠিয়াতলী বালিসত্ৰ ।
জয় বংশীগোপাল ধ্বনিৰে মুখৰ হৈ পৰিল বালিসত্ৰৰ আকাশ-বতাহ ।
ৰঙিয়া মহকুমাৰ অন্তৰ্গত ঐতিহাসিক বালিসত্ৰ সৎসঙ্গী সত্ৰৰ প্ৰায় ছয়শ বছৰীয়া ৰাজহুৱা সৱাহ মহোৎসৱে লক্ষ-লক্ষ ভক্তৰ মানসিক সুখ-স্বাচ্ছন্দা দিয়াৰ লগতে সমগ্ৰ অঞ্চলৰ বিভিন্ন ধৰ্ম, ভাষা, গোষ্ঠী নিৰ্বিশেষে জনসাধাৰণৰ প্ৰেম-ভাতৃত্ববোধৰ সাতামপুৰুষীয়া এনাজৰীডাল অধিক সুদৃঢ় কৰি আহিছে । মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ চাৰি প্ৰধানচাৰ্যৰ অন্যতম হৰিচৰণ মিশ্ৰৰ বংশধৰ মুৰাৰি মিশ্ৰই ষোল্লশ শতিকাত প্ৰতিষ্ঠা কৰা ঐতিহাসিক বালিসত্ৰ সৎসঙ্গী সত্ৰত বিগত প্ৰায় ছয়শ বছৰ ধৰি পৰম্পৰাগতভাৱে এই সৱাহ মহোৎসৱ অনুষ্ঠিত হৈ আহিছে । সত্ৰখনৰ আচাৰ্য সন্তভুষণদেৱৰ বাৰ্ষিক শ্ৰাদ্ধৰ লগত সংগতি ৰাখি প্ৰতি বছৰে মাঘ মাহৰ শুক্লা ভৈমি একাদশী তিথিত অনুষ্ঠিত হোৱা এই সৱাহ মহোৎসৱত হৃৎপিণ্ড স্বৰূপ আৰিয়া উৎসৱত ভক্তসকলে কৃষ্ণপ্ৰেমত মগ্ন হৈ মহাপ্ৰভূ বংশীগোপালৰ নামত মুখবিহীন বিশেষ আকৃতিৰ চাকি জ্বলালে নিজৰ মনোবাঞ্চা পুৰণ হয় বুলি চলি অহা জনশ্ৰুতিৰ ফলত সৱাহ মহোৎসৱত ভক্তৰ সংখ্যা যথেষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।