ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া মহাবিদ্যালয়ত
“নিচামুক্ত ৰঙিয়া” শীৰ্ষক এখনি সজাগতা সভা অনুস্থিত হয় ।
উক্ত সভাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাভেদ ৰাহুল সুৰেশ, মহকুমা আৰক্ষী বিষয়া মৃগাংক্ষী ডেকাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি
এখন নিচামুক্ত সমাজ গঢ়াত অংশীদাৰ হ’বলৈ সকলোকে আহ্বান জনাই ।
আনহাতে বিশিষ্ট অতিথি ৰূপে ৰঙিয়া স্বস্তি হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেন্দ্ৰ কলিতা, দন্ত চিকিৎসক খবৰুদ্দিন আহমেদ আৰু ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ব্ৰজেন্দ্ৰ শইকীয়াই অংশগ্ৰহণ কৰে ।
ভাষণ প্ৰসংগত তেওঁলোকে বিভিন্ন মাদকদ্ৰব্যৰ ভয়াবহতা সম্পৰ্কে বিস্তৃতভাৱে উল্লেখ কৰে ।
যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ যোগাচাৰ্য জ্যোতিষ কলিতাই আঁত ধৰা কাৰ্যসুচীৰ সামৰণিত ৰঙিয়া মহকুমাৰ সহকাৰী আয়ুক্ত চম্পক ডেকাই অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছ মুক্ত ৰঙিয়া গঢ়াৰ শপত পাঠ কৰায় ।
সভাৰ প্ৰাকমুহুৰ্তত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নিচাজাতীয় দ্ৰৱ্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এখন বাটৰ নাট পৰিৱেশন কৰে ।