কামৰূপ, আমিনগাঁও ১৩ ফেব্ৰুৱাৰীঃ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজি শুৱালকুছিৰ বালিচৰস্থিত মাধৱ ক্ষেত্ৰত এখনি প্ৰীতি ক্ৰিকেট খেলৰ আয়োজন কৰা হয়৷ কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা সাংবাদিক সন্থাৰ মাজত অনুষ্ঠিত ১৫ অভাৰৰ এই বন্ধুত্বমূলক খেলত জিলা প্ৰশাসনে ৬.৫ অভাৰ বাকী থকা অৱস্থাতে ৬২ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি ৭ উইকেটত জয়লাভ কৰে৷
খেলখনত জিলা প্ৰশাসনৰ হৈ খেলি ৰঙিয়াৰ মহকুমাধিপতি জাবিৰ ৰাহুল সুৰেশে অপৰাজিত ২৮ ৰাণৰ বৰঙণিৰে মেন অৱ দ্য মেট্চৰ সন্মান লাভ কৰে৷ খেলত অংশগ্ৰহণ কৰি উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ৮ ৰাণ কৰি অপৰাজিত হৈ থাকে৷ জিলা প্ৰশাসনৰ হৈ কিশোৰ মেধিয়ে ৩ অভাৰ বলিং কৰি সৰ্বাধিক ৩ টা উইকেট দখল কৰে৷ আনহাতে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা সাংবাদিক সন্থাৰ হৈ বিপুল ডেকা আৰু ৰূপক ডেকাই প্ৰথমে বেট ধৰি তেঁওলোকৰ যুটিটোৱে ২১ ৰাণৰ বৰঙণি আগবঢ়ায়।
বিপুল ডেকাই দলটোৰ হৈ সৰ্বাধিক ১৬ ৰাণ কৰে৷ স্থানীয় খেলুৱৈ মৃণাল দাস আৰু প্ৰণৱ দাসে খেলখন পৰিচালনা কৰে আৰু স্থানীয় ক্ৰীড়া সংগঠক মুকুন্দ কাকতিয়ে খেলখনৰ স্ক’ৰাৰৰ দায়িত্ব বহন কৰে৷ শুৱালকুছি অঞ্চলৰে বিশিষ্ট ক্ৰীড়াবিদ সঞ্জীৱ দাস আৰু সাংবাদিক উৎপল মেধিৰ সুন্দৰ ধাৰাবিৱৰণীয়ে খেলখনৰ মাধুৰ্য বঢ়ায়৷
উল্লেখযোগ্য যে যোৱা ৭৩ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে এই প্ৰীতি ক্ৰিকেট খেলখন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও চৰকাৰে ঘোষণা কৰা ক’ভিড প্ৰট’কলৰ পৰিপ্ৰেক্ষিতত খেলখন স্থগিত ৰখা হৈছিল৷ খেলৰ অন্তত বিজয়ী, বিজিত আৰু মেন অৱ দ্য মেট্চৰ বঁটা প্ৰদান কৰি উপায়ুক্ত কৈলাস কাৰ্তিক এনে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী, সাংবাদিকসকল প্ৰমুখ্যে শুৱালকুছি ক্ৰীড়া একাডেমিৰ লগতে স্থানীয় লোকসকলক খেলখন অনুষ্ঠিত কৰাত আগবঢ়োৱা সহায়ৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু আগন্তুক দিনতো এনে অনুষ্ঠানৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ সকলোৰে সহযোগিতা কামনা কৰে৷