গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: সাতসৰী সামাজিক-সাংস্কৃতিক উন্নয়ন সংস্থাৰ উদ্যোগত মহানগৰীৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত “উন্মনা ফাগুনত সাতসৰীৰ অন্তৰংগ আলাপ” নামৰ এটি নান্দনিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সাতসৰীৰ সভানেত্রী তথা লেখিকা ড০ মন্দিৰা বৰুৱাই সঞ্চালনা কৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে সাতসৰীৰ সম্পাদিকা মালাশ্ৰী লস্কৰ বৰাই।
অনুষ্ঠানত যশস্বী কন্ঠশিল্পী তথা অৱসৰী ইতিহাস বিভাগৰ অধ্যাপিকা ড০ অনিমা চৌধুৰী, “আৰোহণ” ৰ মুৰব্বী প্ৰীতি শইকীয়া, অনু ভূঞা, দীপ্তি গোস্বামী, পবিত্র শৰ্মা, জ্যোৎস্না ভাগৱতী, মীৰা দাস চহৰীয়া, ড০ কণিকা দত্ত, চামিম আহমেদ, গীতা ভৰালীক “সাতসৰী”ৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত ভালেমান কবি, শিল্পীয়ে কবিতা আবৃত্তি, গীত-মাত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।
সভাতে “সাতসৰী”ৰ নতুন সমিতিখন ড০ মন্দিৰা বৰুৱাক সভানেত্রী আৰু মালাশ্ৰী লস্কৰ বৰাক সম্পাদিকা হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰে।