নগাঁৱৰ লংকাৰ ম’ষ্ট ৱাণ্টেড অপৰাধী অৰুণ চাহানীয়ে আজি লংকা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷ চলিত বৰ্ষৰ ৪ফেব্ৰুৱাৰীত আৰক্ষীয়ে অৰুণ চাহানীৰ বাসগৃহৰ পৰা শৰৎ ঘোষ নামৰ এজন ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰিছিল ৷ আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰিছিল শৰৎ ঘোষ নামৰ লোকজনক ৷ কিন্তু আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিছিল অৰুণ চাহানীয়ে ৷ অৱশেষত লংকা আৰক্ষী থানাত আত্ম সমৰ্পন কৰে লংকাৰ ম’ষ্ট ৱাণ্টেড অপৰাধী অৰুণ চাহানীয়ে