ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্বৰ বুজাবুজিৰ বাবে ভাৰত আৰু আৰবৰ আজি অনুষ্ঠিত হ’ব এক শীৰ্ষ সন্মিলন ৷ এই সন্মিলন অনুষ্ঠিত হ’ব ভাৰচুৱেল মাধ্যমৰ যোগেদি ৷ আনহাতে এই সন্মিলনত অংশ গ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আবুধাবিৰ যুৱৰাজ তথা আৰবৰ সামৰিক বাহিনীৰ উপ মুখ্য সেনাধ্যক্ষ মহম্মদ বিন জায়েদে ৷
জানিব পৰা মতে এই বুজাবুজি চুক্তিৰ মাজেদি ভাৰত আৰু আৰবৰ আৰ্থিক আৰু বাণিজ্যিক অংশীদাৰিত্ব এনে এক স্তৰলৈ লৈ যোৱা হ’ব য’ত বাণিজ্য,বিনিয়োগ,সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত দুইখন দেশক সংযুক্ত কৰাৰ সম্ভাৱনা আছে ৷
উক্ত ভাৰচুৱেল সন্মিলন খনত দুয়োগৰাকী নেতাই পৰস্পৰ সহযোগিতাৰ উপৰিও আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব