ইংৰাজী নাম ঃ Roselle
বৈজ্ঞানিক নাম ঃ Hibiscus aabadariffa Linn
টেঙামৰা এবিধ চাপৰ জোপোহা জাতীয় গছ। টেঙামৰাৰ সোৱাদ টেঙা আৰু ইয়াৰ পৰা জাম আৰু জেলি তৈয়াৰ কৰিব পাৰি। টেঙামৰাত আছে বহুতো ঔষধি গুণ , জানো আহক-
১) গ্ৰহণী ৰোগত টেঙামৰা খালে আৰোগ্য লাভ কৰিব পাৰি।
২) টেঙামৰাৰ পাতৰ ৰস খালে প্ৰস্ৰাৱ বৃদ্ধি হয়।
৩) টেঙামৰাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
৪) টেঙামৰা খালে হজমী শক্তি বাঢ়ে অভোক দূৰ কৰে।
৫) পেটৰ বিষ , কৃমি আদিৰ বাবে টেঙামৰা উপকাৰী।
৬) টেঙামৰা ছালৰ বাবে উপকাৰী আৰু গোৰোহা ফটা ভাল কৰিব পাৰে।
৭) টেঙাভৰা জ্বৰ নাশক।
৮) ব্ৰংকাইটিছ , কুষ্ঠ আদি ৰোগত টেঙামৰা উপকাৰী।
৯) টেঙামৰাৰ ফুলৰ ৰস , চেনি আৰু জালুক মিহলি কৰি খালে কোষ্ঠকাঠিন্ন ভাল হয়।