ক’ভিড মহামাৰীৰ সময়ছোৱাত দেশৰ একাংশ লোকৰ জীৱন-জীৱিকা হেৰুওৱাৰ সময়তে বহুসংখ্যক কোটিপতিৰ সম্পত্তিৰ পৰিমান বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ হুৰুন ইণ্ডিয়া ৱেলথ ৰিপ’ৰ্টত প্ৰকাশ পোৱা অনুসৰি যোৱা বছৰৰ তুলনাত ভাৰতত কোটিপতি পৰিয়ালৰ সংখ্যা ১১ শতাংশ বৃদ্ধি পাইছে। লগতে এই প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে কোটিপতি পৰিয়ালসমূহে দেশৰ কোন চহৰত বাস কৰিবলৈ পছন্দ কৰে সেয়াও উল্লেখ কৰা হৈছে ৷ সেই অনুসৰি দেশৰ অধিকাংশ কোটিপতিয়েই বাস কৰে ‘চিটি অৱ ড্ৰিমছ’ হিচাপে খ্যাত মুম্বাইত ৷ মুম্বাইৰ পাছতে সৰ্বাধিক কোটিপতি পৰিয়াল আছে দিল্লী আৰু কলকাতাত।হুৰুন প্ৰতিবেদনত ৭ কোটি সম্পত্তি থকা লোকসকলক কোটিপতি হিচাপে ধৰি এই সমীক্ষা চলাইছিল ৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি দেশত এনে কোটিপতি পৰিয়ালৰ সংখ্যা এই বছৰ ৪.৫৮ লাখলৈ বৃদ্ধি পাইছে ৷ যোৱা বছৰৰ সংখ্যাৰ তুলনাত কোটিপতি পৰিয়ালৰ বৃদ্ধিৰ সংখ্যা হৈছে ১১ শতাংশ ৷
আনহাতে, দেশত কোটিপতি পৰিয়ালৰ সংখ্যা অহা পাঁচ বছৰত ৩০ শতাংশলৈ বৃদ্ধি হৈ ২০২৬ চনৰ ভিতৰত ছয় লাখ পৰিয়াল হ’ব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে এই প্ৰতিবেদনত ৷ হুৰুন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মুম্বাইত বাস কৰা কোটিপতি পৰিয়ালৰ সংখ্যা হৈছে ২০,৩০০ টা ৷ আনহাতে দিল্লীত ১৭,৪০০টা আৰু কলকাতাত ১০,৫০০ টা কোটিপতি পৰিয়াল আছে। অৱশ্যে, দেশত হ্ৰাস পাইছে সুখী লোকৰ সংখ্যা ৷ জৰীপত প্ৰকাশ পোৱা অনুসৰি ৬৬ শতাংশ উত্তৰদাতাই তেওঁলোক ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনত সুখী বুলি মন্তব্য কৰিছে ৷ ২০২০ চনত চনত এই পৰিমাণ আছিল ৭২ শতাংশ ৷
হুৰুন জৰীপত অংশগ্ৰহণ কৰা কমেও ৭০ শতাংশ প্ৰতিপত্তিশালী লোকে কয় যে তেওঁলোকে সন্তানক শিক্ষাৰ বাবে বিদেশলৈ পঠিয়াবলৈ আগ্ৰহী ৷ গন্তব্যস্থানসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাজ্য তেওঁলোকৰ আটাইতকৈ পছন্দৰ স্থান ৷ তাৰ পিছত ব্ৰিটেইন ,নিউজিলেণ্ড আৰু জাৰ্মানীলৈ যাবলৈ ভাল পায় প্ৰতিপত্তিশালী লোকসকলে ৷ ঘড়ী ক্ৰয় কৰাত আছে অধিকাংশ প্ৰতিপত্তিশালী লোকৰ আগ্ৰহ ৷ তেওঁলোকৰ ৰোলেক্স হৈছে আটাইতকৈ পছন্দৰ বিলাসী ঘড়ীৰ ব্ৰেণ্ড। হুৰুন প্ৰতিবেদনত কোৱা হৈছিল যে ৬৩ শতাংশ প্ৰতিপত্তিশালী লোকৰ অতি কমেও চাৰিটা ঘড়ী আছে। তদুপৰি তেওঁলোকে তিনি বছৰতকৈ কম সময়ৰ ভিতৰত তেওঁলোকৰ গাড়ী সলনি কৰে ৷ মাৰ্চিডিজ-বেঞ্জ হৈছে কোটিপতিসকলৰ আটাইতকৈ পছন্দৰ বিলাসী গাড়ী ব্ৰেণ্ড ৷ তাৰ পিছত আছে ৰোলছ ৰয়েছ।