প্ৰথমবাৰৰ বাবে দেশৰ বাহিৰত ভাৰত চৰকাৰে স্থাপন কৰিব ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টি ৷ আৰৱত ভাৰত চৰকাৰে নির্মাণ কৰিব এই আই আই টি ৷ শেহতীয়াকৈ আৰৱৰ সৈতে হোৱা এক চুক্তিৰ ভিত্তিত নির্মাণ কৰা হ’ব শিক্ষা প্ৰতিষ্ঠানখন ৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ১৮ ফেব্ৰুৱাৰীত আৰৱৰ এটা প্ৰতিনিধি দলৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত কম্প্ৰেহেনছিভ ইকন’মিক পার্টনাৰশ্বীপ চুক্তি স্বাক্ষৰ কৰে।
উল্লেখ্য যে ভাৰতত বৰ্তমান ২৩ খন আইআইটি আছে ৷ উচ্চ শিক্ষা প্ৰতিষ্ঠান স্বীকৃত এই আই আই টিসমূহত বিটেকৰ পৰা ডক্টৰেটলৈকে বিভিন্ন ডিগ্ৰী প্ৰদান কৰা হয়। ভাৰতৰ শীৰ্ষ স্থানত আছে আইআইটি দিল্লী, আইআইটি বোম্বাই, আইআইটি খড়গপুৰ, আৰু আইআইটি মাদ্ৰাজ।কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত আৰৱৰ অৰ্থনীতি মন্ত্ৰী আব্দুল্লা বিন তৌক আল মাৰি আৰু বৈদেশিক বাণিজ্য ৰাজ্যিক মন্ত্ৰী থানি বিন আহমেদ আল জেয়ুদী উপস্থিত থাকে ৷ এই চুক্তি অনুসৰি দুয়োখন ৰাষ্ট্ৰই সাংস্কৃতিক প্ৰকল্প, পাৰস্পৰিক সাংস্কৃতিক বিনিময়, প্ৰদৰ্শনীআদিৰ সুবিধা আৰু প্ৰচাৰৰ বাবে ভাৰত-আৰৱ সাংস্কৃতিক পৰিষদো গঠন কৰিব।