পূর্বৰ বর্ষসমূহৰ দৰে এইবাৰো ৰাজ্যত চৰকাৰে অনুষ্ঠিত কৰিব গুণোৎসৱ ৷ তিনিটা পর্যায়ত এইবাৰ ৰাজ্যত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ অসম সর্ব শিক্ষা অভিযান মিছনৰ কার্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ প্ৰতিটো পর্যায়ত সামৰি লোৱা হ’ব ১১ খন জিলা ৷ গুণোৎসৱৰ প্ৰথম পর্যায় অহা ২০,২১ আৰু ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব ৷ দ্বিতীয় পর্যায়ত ২৫,২৬ আৰু ২৭ এপ্ৰিলত অনুষ্ঠিত হ’ব ৷ আনহাতে ১০,১১ আৰু ১২ মে’ত তৃতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হয় ৷ প্ৰথম পর্যায়ত বাক্সা, চিৰাং,ধুবুৰী, ডিমা-হাচাও, হাইলাকান্দি,যোৰহাট, কামৰূপ মহানগৰ, লখিমপুৰ,শোণিতপুৰ আৰু পশ্চিম-কার্বি-অংলং ৷ ইপিনে, বিশ্বনাথ, বঙাইগাৱঁ,চৰাইদেউ , দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কার্বি-অংলং, কৰিমগঞ্জ, নগাঁও আৰু নলবাৰীক দ্বিতীয় পর্যায়ত সামৰি ল’ব ৷ তদুপৰি বৰপেটা,কাছাৰ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰত তৃতীয় পর্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷