পুনৰ কাৰাগাৰত দিন কটাব লাগিব বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে ৷ পশু খাদ্য কেলেংকাৰীৰ পঞ্চমটো গোচৰত দোষী সাৱ্যস্ত হোৱা লালু প্ৰসাদ যাদৱৰ শাস্তি আজি ঘোষণা কৰে আদালতে ৷ এই গোচৰটোত লালু যাদৱক আজি পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে ৬০ লাখ টকা জৰিমনা বিহা হৈছে ৷ ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) নেতাজনক যোৱা সপ্তাহত গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল। ১৯৯০ ৰ দশকত লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত সংঘটিত পশুখাদ্য কেলেংকাৰীৰ অংশ হিচাপে দোৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯.৫ কোটি টকা অবৈধভাৱে উলিয়াই নিয়া সন্দর্ভত এই গোচৰটো ৰুজু কৰা হৈছিল ৷
সম্প্ৰতি জামিনত থকা আৰু অসুস্থ লালু যাদৱে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আদালতৰ শুনানিত অংশগ্ৰহন কৰে।৭৩ বছৰীয়া নেতাজনক ৰাঁচীৰ কাৰাগাৰ চিকিৎসালয়লয়ত ভর্ত্তি কৰা হৈছিল ৷ পশুখাদ্য কেলেংকাৰীৰ সৈতে জড়িত আন এটা গোচৰ পাটনাৰ চিবিআই আদালতত বিচাৰাধীন হৈ আছে। এই গোচৰটো ভাগলপুৰ কোষাগাৰৰ পৰা অবৈধভাৱে ধন উলিওৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷