দিছপুৰ ২১ফেব্ৰুৱাৰীঃ বৰ্তমান দেশত কোভিড-১৯ ৰোগী আৰু এই ৰোগত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে এই ৰোগ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে আৰোপ কৰা বাধানিষেধসমূহ লাহে লাহে উঠাই লোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী তাৰকা প্ৰচাৰকৰ সংখ্যাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে৷
এই নিৰ্দেশনাৰ জৰিয়তে কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সীমিত কৰা তাৰকা প্ৰচাৰকৰ সংখ্যা পুনৰ নিৰ্দ্ধাৰণ কৰি জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ ৭৭ নং ধাৰা অনুসৰি নিৰ্দ্ধাৰণ কৰা সংখ্যা পুনৰ বাহাল ৰখা হৈছে৷ এই অনুসৰি বৰ্তমান চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়া আৰু আগলৈ হ’বলগা নিৰ্বাচনৰ বাবে স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ ক্ষেত্ৰত ৪০ গৰাকী তাৰকা প্ৰচাৰক নিয়োগ কৰাৰ বিপৰীতে অন্যান্য পঞ্জীয়নকৃত ৰাজনৈতিক দলসমূহে ২০ গৰাকী তাৰকা প্ৰচাৰক নিয়োগ কৰিব পাৰিব৷
এই তাৰকা প্ৰচাৰকৰ তালিকাসমূহ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ ৭ দিনৰ ভিতৰত নিৰ্বাচন আয়োগত জমা দিব লাগিব৷ আনহাতে নিৰ্বাচন অনুষ্ঠিত হৈ থকা ৰাজ্যসমূহত চলিত নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰচাৰ চলাবৰ বাবে অতিৰিক্ত তাৰকা প্ৰচাৰক নিয়োগ কৰিব বিচাৰিলে অহা ২৩ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া ৫ বজাৰ ভিতৰত তাৰকা প্ৰচাৰকৰ তালিকা জমা দিব লাগিব৷
সেই অনুসৰি অসম বিধানসভাৰ ৯৯-মাজুলী (অ জ) সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া আসন্ন উপ নিৰ্বাচন, ২০২২ৰ বাবে অতিৰিক্ত তাৰকা প্ৰচাৰক নিয়োগ কৰিব বিচাৰিলে সংশ্লিষ্ট দলসমূহে অহা ২৩ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া ৫ বজাৰ ভিতৰত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নতুবা নিৰ্বাচন আয়োগৰ ওচৰত তাৰকা প্ৰচাৰকৰ তালিকা দাখিল কৰিব লাগিব৷