কামৰূপ, আমিনগাঁও ২১ ফেব্ৰুৱাৰীঃ পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাৰ প্ৰাৰ্থীসকলৰ সৈতে আজি কামৰূপৰ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয়৷ সভাত পৌৰ নিৰ্বাচনৰ দায়িত্বত থকা পৰ্যবেক্ষক অশ্বিন নামপুই আৰু দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে প্ৰাৰ্থীসকলক নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কত বিশদভাৱে বিৱৰি কয়৷
তদুপৰি নিৰ্বাচনী ব্যয় সম্পৰ্কতো তেওঁলোকক বুজাই দিয়া হয়৷ উল্লেখযোগ্য যে প্ৰাৰ্থীসকলে নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব৷ আনহাতে ব্যয় সম্পৰ্কতো তেওঁলোকে প্ৰচাৰৰ সময়ছোৱাত লিখিতভাৱে নিৰ্বাচনী কতৃপক্ষক অৱগত কৰিব লাগিব৷ একোজন প্ৰাৰ্থীৰ ব্যয়ৰ নিৰিখ হৈছে ২৬,০০০টকা৷ তাৰকা প্ৰচাৰক নিয়োগৰ ক্ষেত্ৰতো প্ৰাৰ্থীসকলক বিতংকৈ ব্যাখ্যা কৰা হয়৷
আনহাতে নিৰ্বাচন সম্বন্ধীয় যিকোনো আপত্তি দৰ্শাবৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত এটা কণ্ট্ৰোল ৰূম স্থাপন কৰা হৈছে৷ এই সম্পৰ্কত কোনো অভিযোগ থাকিলে ০৩৬১-১০৭৭ নম্বৰত ফোন কৰিব পাৰে৷