ইউক্ৰেইন দখল কৰাৰ বাবে ৰাছিয়াই চাৰিওফালৰ পৰা সৈন্য- সামন্তৰে দেশখন ঘেৰি ধৰা কার্যই সমগ্ৰ বিশ্বকে আতংকিত কৰি তুলিছে ৷ কিয়নো ইউক্ৰেইনক লৈ একপ্ৰকাৰ যুযুধান হৈ পৰিছে আমেৰিকা আৰু ৰাছিয়া ৷ ইউক্ৰেইনৰ ওপৰত আক্ৰমন চলালে আমেৰিকা হাত সাৱটি বহি নাথাকে বুলি ইতিমধ্যে সকীয়াই দিছে ৷ ইয়াৰ মাজতে ৰাছিয়াই শান্তি আলোচনা প্ৰক্ৰিয়া বিঘ্নিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডাইমাৰ জেলেনস্কিয়ে৷ মঙলবাৰে পুৱা দেশবাসীক সম্বোধন কৰি জেলেনস্কিয়ে দেশখনৰ কোনো অঞ্চল এৰি নিদিয়ে বুলি প্ৰকাশ কৰে ৷
জেলেনস্কিয়ে কয় যে সোমবাৰে সন্ধিয়া ৰাছিয়াই দেশখনৰ দ্বাৰা সমৰ্থিত দুটা বিচ্ছিন্নতাবাদী অঞ্চলক আনুষ্ঠানিকভাৱে স্বাধীন হিচাপে স্বীকৃতি দিয়াৰ পিছতো ইউক্ৰেইন শান্তি আৰু আলোচনাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ আছিল ।
ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাছিয়াৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ ইয়াৰ মিত্ৰ ৰাষ্ট্ৰসমূহক “স্পষ্ট আৰু কাৰ্যকৰী” পদক্ষেপ ল’বলৈ আহ্বান জনাইছে ৷ লগতে ইউক্ৰেইন, ৰাছিয়া, জাৰ্মানী আৰু ফ্ৰান্সৰ নেতাসকলৰ জৰুৰী কালীন সন্মিলনৰ আয়োজন কৰিবলৈ আহ্বান জনাইছে।