আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত পুনৰ সংঘটিত হ’ল গুলীচালনাৰ ঘটনা ৷ মহানগৰীৰ মাজ-মজিয়াত দুর্বৃত্তৰ গুলীত প্ৰাণ গ’ল এজন ব্যৱাসায়ীৰ ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ ছাত্ৰীবাৰীত ৷ প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ সময়তে দুর্বৃত্তই আদেশ যাদৱ নামৰ ব্যৱসায়ীজনক লক্ষ্য কৰি গুলীচালনা কৰে ৷ একেবাৰে ওচৰৰে পৰা দুর্বৃত্তই গুলীচালনা কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অৱদেশ যাদৱ নামৰ ব্যৱসায়ীজন ৷ লগে লগে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত ৷ স্থানীয় লোকসকলে যাদৱক মাৰোৱাৰী মেটাৰনিটি হাস্পতালত ভর্ত্তি কৰাই যদিও তেওঁৰ মৃত্যু ঘটে ৷
ইপিনে এই ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান(আইন-শৃংখলা) জি পি সিং আৰু মহানগৰৰ আৰক্ষী আয়ুক্ত হৰমীট সিং ৷ সমান্তৰালভাৱে ব্যৱসায়ী জনৰ পৰিয়ালে ‘ছুপাৰী কিলাৰ’ৰ সহায়ত কোনোবাই তেওঁক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ কিছুদিন পূর্বে যাদৱৰ ভাতৃকো বিহাৰত হত্যা কৰা হৈছিল বুলি নিহত ব্যৱসায়ীজনৰ পৰিয়ালে সদৰী কৰিছে ৷ কাপোৰ , নুডলছৰ লগতে কেইবাবিধো সামগ্ৰীৰ ব্যৱসায় কৰা যাদৱৰ ফাঁচীবজাৰত আছে ব্যৱসায়িক প্ৰতিষ্ঠান ৷ তদুপৰি ইম্ফলতো আছে তেওঁৰ ব্যৱসায় ৷ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত আজি বন্ধ ৰখা হৈছে ফাঁচী বজাৰৰ বিপণী সমূহ ৷ আনহাতে, কি কাৰণত ব্যৱাসায়ীজনক হত্যা কৰা হ’ল সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ জানিব পৰা মতে খাৰুপেটীয়াৰ পৰা লোককেইজন আটক কৰিছে আৰক্ষীয়ে ৷ দুর্বৃত্তই ব্যৱহাৰ কৰা পালছাৰ বাইকখনৰ গৰাকীকো আটক কৰিছে আৰক্ষীয়ে ৷ বাইকখনৰ গৰাকী আব্বাছ আলীসহ তিনি অভিযুক্তক গুৱাহাটীলৈ অনা হৈছে ৷