তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিদেশৰ পৰা পৰিচালিত “পঞ্জাৱ পলিটিক্স টিভি”ৰ সৈতে সম্পৰ্ক থকা এপ, ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে ৷ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত বেআইনী ঘোষণা কৰা সংগঠন ‘শিখছ ফৰ জাষ্টিছ’ (এছএফজে)ৰ সৈতে “পঞ্জাৱ পলিটিক্স টিভি”ৰ ঘনিষ্ঠ সম্পর্ক আছিল ৷
চলিত ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময়ত চেনেলটোৱে ৰাজহুৱা শান্তি বিঘ্নিত কৰিবলৈ অনলাইন মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল ৷ চোৰাংচোৱা তথ্যৰ ওপৰত নিৰ্ভৰ কৰি মন্ত্ৰালয়ে ১৮ ফেব্ৰুৱাৰীত তথ্য প্ৰযুক্তিৰ নিয়মৰ অধীনত জৰুৰীকালীন “পঞ্জাৱ পলিটিক্স টিভি”ৰ ডিজিটেল মিডিয়া প্লেটফর্ম সমূহ নিষিদ্ধ ঘোষণা কৰে ৷