ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ হ’লে ইয়াৰ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্ববাসীৰ ওপৰত ৷ দুয়োখন দেশৰ মাজত হোৱা সংকটৰ প্ৰভাৱ ইতিমধ্যে পৰিলক্ষিত হৈছে দেশৰ শ্বেয়াৰ বজাৰত ৷ তদুপৰি এই যুদ্ধ হ’লে বৃদ্ধি পাব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ অর্থাৎ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ হ’লে প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বৰ অর্থনীতিতে ৷ বিশেষজ্ঞসকলে আশংকা কৰা অনুসৰি এই যুদ্ধৰ ফলত প্ৰাকৃতিক গেছৰ পৰা ঘেঁহুলৈকে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব।যুদ্ধৰ ফলত ভাৰতত কি কি সমগ্ৰীৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা আছে জানো আহকচোন-
প্ৰাকৃতিক গেছঃ
ইউক্ৰেইন-ৰাছিয়া সংকটে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯৬.৭ ডলাৰলৈ বৃদ্ধি কৰিছে ৷ এয়া ২০১৪ চনৰ ছেপ্টেম্বৰৰ পিছত সৰ্বাধিক মূল্যবৃদ্ধি ।ৰাছিয়া হৈছে খাৰুৱা তেলৰ অন্যতম বৃহৎ উৎপাদক। বৰ্তমানৰ সংকটৰ ফলত অনাগত দিনবোৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০০ ডলাৰতকৈ অধিক বৃদ্ধি হ’ব পাৰে। খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে বিশ্বব্যাপী জিডিপিৰ ওপৰত প্ৰভাৱ পেলাব। জে পি মৰ্গানৰ বিশ্লেষণত উল্লেখ কৰা হৈছে যে তেলৰ মূল্য প্ৰতি বেৰেলত ১৫০ ডলাৰলৈ বৃদ্ধি হ’লে বিশ্বব্যাপী জিডিপি ০.৯ শতাংশলৈ হ্ৰাস পাব।ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে ভাৰতৰ মুদ্ৰাস্ফীতি প্ৰায় ০.৯ শতাংশ বৃদ্ধি কৰিব। বিশেষজ্ঞসকলৰ মতে, যদি ৰাছিয়াই ইউক্ৰেইনৰ সৈতে যুদ্ধত লিপ্ত হয় ঘৰুৱা প্ৰাকৃতিক গেছৰ (চিএনজি, পিএনজি, বিদ্যুত) মূল্য দহগুণ বৃদ্ধি হ’ব পাৰে।
এলপিজি-কেৰাচিন ৰাজসাহায্যঃ
খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে এলপিজি আৰু কেৰাচিনৰ ৰাজসাহায্য বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
পেট্ৰ’ল-ডিজেলঃ
পূর্বে খাৰুৱা তেলৰ উচ্চ মূল্যই সমগ্ৰ ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিত অৰিহণা যোগাইছে। ২০২১ চনত ইন্ধনৰ মূল্যৰ ক্ষেত্ৰত দেশখনে নতুন অভিলেখ প্ৰত্যক্ষ কৰিছিল।যদি ৰাছিয়া-ইউক্ৰেইন সংকট অব্যাহত থাকে ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাব পাৰে।ভাৰতে ইয়াৰ তেলৰ প্ৰয়োজনীয়তাৰ ৮০ শতাংশতকৈও অধিক আমদানি কৰে।
ঘেঁহুঃ
ৰাছিয়া হৈছে বিশ্বৰ শীৰ্ষ ঘেঁহু ৰপ্তানিকৰ্তা ৷ আনহাতে ইউক্ৰেইন হৈছে ঘেঁহুৰ চতুৰ্থ সৰ্ববৃহৎ ৰপ্তানিকৰ্তা। ঘেঁহুৰ মুঠ বিশ্বব্যাপী ৰপ্তানিৰ প্ৰায় এক চতুৰ্থাংশ দুয়োখন ৰাষ্ট্ৰই কৰি আহিছে ৷ ৰাষ্ট্ৰসংঘৰ এক শেহতীয়া প্ৰতিবেদন অনুসৰি, খাদ্যৰ মূল্য ইতিমধ্যে এক দশকতকৈও অধিক সময়ৰ ভিতৰত সৰ্বোচ্চ স্তৰত উপনীত হৈছে ৷ মুলতঃ মহামাৰীৰ প্ৰভাৱৰ বাবে এই মূল্য বৃদ্ধি পাইছে ৷ ।আহিবলগীয়া দিনবোৰত শক্তি আৰু খাদ্যৰ মূল্যত অস্থিৰতা বৃদ্ধি পাব পাৰে। ফলস্বৰূপে বিশ্বজুৰি অৰ্থনীতিত বিনিয়োগ আৰু বিকাশৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে।
ধাতুঃ
ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আশংকাৰ মাজত শেহতীয়া সপ্তাহবোৰত অটোমোটিভ এক্সজষ্ট চিষ্টেম আৰু ম’বাইল ফোনত ব্যৱহৃত ধাতু পেলেডিয়ামৰ মূল্য বৃদ্ধি পাইছে। ৰাছিয়া হৈছে পেলেডিয়ামৰ বিশ্বৰ সৰ্ববৃহৎ ৰপ্তানিকৰ্তা।