আমাৰ দেহৰ অন্যতম অংগ হ’ল ছাল।ছালে আমাৰ গোটেই শৰীৰৰ বাহিৰৰ অংশ আৱৰি থাকে আৰু সুৰক্ষা প্ৰদান কৰি থাকে। শৰীৰৰ দুখিত পদাৰ্থ সমূহ ঘাম গ্ৰন্থিৰ যোগেদি ছালৰ সহায়ত বাহিৰলৈ ওলাই আহে।বাহিৰৰ বিজানু যাতে শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা ছালে কৰে। ছাল বিশেষ সংবেদক হিচাপে কাম কৰে। ছালৰ প্ৰধান ৰোগ সমূহ হ’ল –
ছালৰ এলাৰ্জি , ছালৰ খজুৱতি , শুকান ছাল , ছালত শালমইনা , ছালৰ খৰ , ছালফটা , শ্বেত বা ধবলৰোগ , চোৰিয়াচিচ ইত্যাদি।
ছালখন সুন্দৰ আৰু সুস্থ ভাবে ৰাখিবলৈ খাদ্যপ্ৰাণ ‘গ’ যুক্ত খাদ্য যথেষ্ট পৰিমাণে খাব লাগে। টেঙা জাতীয় যি কোনো ফলেই আমাৰ শৰীৰৰ বাবে উপকাৰী। ছালখন নিমজ হ’বৰ কাৰণে আমলখি , শিলিখা , পকাআম , পকা অমিতা , ত্ৰিফলা , পালেং শাক , আপেল , আঙুৰ , মধুৰি , চজিনা , নৰসিংহৰ পাত , দৈ , বাদাম আদি উপকাৰী। ইয়াৰ উপৰিও বন্ধাকবি , বিলাহী , খুতুৰা শাক , বিট , সুমথিৰা টেঙা , ৰবাব টেঙা , মাটিকঁঠাল , মিথিগুটি , ছালকুঁৱৰী , তুলসী আদিও ছালৰ বাবে মহৌষধ স্বৰূপ।
মাজে সময়ে ছালত কেঁচা হালধিৰ ৰস , ছাল কুঁৱৰীৰ ৰস , ছাল কুঁৱৰীৰ বিজল , মহানিমৰ পাতৰ ৰস , গোলাপ ফুলৰ ৰস , পকা অমিতা , পকা ভীমকল , পকা আমেৰে মুখখন ধুলে ছাল নিমজ হোৱাৰ লগতে উজ্বলতা বাঢ়ে।
বিশুদ্ধ ঠাণ্ডাপানী যথেষ্ট পৰিমাণে খাব লাগে। পানীয়ে আমাৰ বহুত বেমাৰৰ মহৌষধ হোৱাৰ উপৰিও ছালৰ বাবে যথেষ্ট উপকাৰী। প্ৰতিদিনে ফল-মূল আৰু যথেষ্ট পৰিমাণে পানী খালে ছালখন উজ্বল হৈ দেখিবলৈ ধুনীয়া হৈ থাকে।