যিকোনো নির্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ আগত ৰাজনৈতিক দলসমূহে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়াটো একপ্ৰকাৰ পৰম্পৰাত পৰিণত হৈছে ৷ নির্ধাৰিত সময়ত নির্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমর্থ নহ’লেও নতুনকৈ নির্বাচন অহাৰ লগে লগে ৰাইজক পুনৰ সপোন দেখুৱাই ভাষণৰ ফুলজাৰি মৰাতো ৰাজনৈতিক নেতাসকলৰ অভ্যাস ৷ ৰাজ্যত সমাগত পৌৰ সভাৰ নির্বাচন ৷ ইতিমধ্যে ৱার্ডে ৱার্ডে আৰম্ভ হৈছে প্ৰচাৰ অভিযান ৷ ইয়াৰ মাজতে আজি শাসনাধিষ্ঠিত বিজেপিয়ে মুকলি কৰিছে সংকল্প পত্ৰ ৷ পৌৰ সভাৰ নির্বাচনত ভোট দি জয়যুক্ত কৰিলে বিজেপিয়ে নগৰ-চহৰসমূহত ২৪ ঘণ্টাই খোৱা পানী যোগানৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বানমুক্ত কৰিব বুলি ইয়াৰ জৰিয়তে আশ্বাস প্ৰদান কৰিছে ৷ আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কার্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই মুকলি কৰা এই ঘোষণা প্ত্ৰ অনুসৰি বিজেপি বিজয়ী হ’লে প্ৰতিখন চহৰত ১০০০ লোক বহিব পৰাকৈ এটাকৈ প্ৰেক্ষাগৃহ নির্মাণ কৰিব ৷ জলজীৱন মিচনৰ দৰেই অমৃত ২.০ আঁচনিৰ অধীনত পৌৰ সভাৰ এলেকা সমূহত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব ৷ তদুপৰি চহৰসমূহত লগোৱা হ’ব ষ্ট্ৰীট লাইট ৷ সমান্তৰালভাৱে গুৰুত্বপূর্ণ স্থানসমূহত সুৰক্ষাজনিত নিৰীক্ষণৰ বাবে সংস্থাপন কৰা হ’ব চি চি টি ভি ৷ তদুপৰি আৱর্জনাৰ সুব্যৱস্থাপনা কৰিব বুলিও বিজেপিয়ে আশ্বাস প্ৰদান কৰিছে ৷ চহৰসমূহত সেউজ উদ্যান, খেলপথাৰ আৰু ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হ’ব বুলিও বিজেপিয়ে সংকল্প পত্ৰত উল্লেখ কৰিছে ৷ আনহাতে ডিজিটেল প্লেটফর্মৰ জৰিয়তে সেৱা প্ৰদান , যাতায়ত ব্যৱস্থাৰ উন্নয়ন , কৃত্ৰিম বান মুক্ত কৰা আদিও বিজেপিৰ ভোটাৰৰ প্ৰতি প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহৰ অন্যতম ৷