অসমৰ বৰ্তমানৰ শাসনাধিস্থ চৰকাৰখনে গুৱাহাটীক বায়ু প্ৰদূষণমুক্ত মহানগৰ কৰি তুলিবৰ বাবে ইতিমধ্যেই পৰিকল্পনা আৰম্ভ কৰিছে। উল্লেখযোগ্য যে অসম চৰকাৰে শীঘ্ৰেই গুৱাহাটী মহানগৰীৰ বাবে কমেও ২০০ খন বৈদ্যুতিক বাছৰ অৰ্ডাৰ দিব। এই কথা জানিবলৈ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে এমাহৰ ভিতৰত গুৱাহাটী চহৰৰ বাবে ২০০ খন বৈদ্যুতিক বাছৰ নিৰ্দেশ দিব।
অসম কেবিনেটে বিগত বৰ্ষতে গুৱাহাটী চহৰৰ বাবে প্ৰায় ২০০ খন বৈদ্যুতিক বাছ আৰু ১০০ খন চিএনজি বাছ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল।
কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে বিশ্বব্যাপী চলি থকা অভিযানৰ সৈতে সংগতি ৰাখি চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
অসমত পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ চৰকাৰে ৰাজ্যখনৰ নগৰসমূহত মানুহৰ বাবে নিৰ্গমন-মুক্ত পৰিবহন প্ৰৱৰ্তন কৰিব। তেওঁ পুনৰ কয় যে “কাৰ্বন নিৰ্গমন হৈছে এক গোলকীয় সমস্যা। আমি ৰাজহুৱা পৰিবহনৰ বৈদ্যুতিক পদ্ধতি প্ৰৱৰ্তন কৰি কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ চেষ্টা কৰিম,” ।
কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰখনে লোৱা এই পদক্ষেপে অৱশ্যেই নগৰ সমূহক প্ৰদূষণ মুক্ত কৰাৰ লগতে ৰাইজকো প্ৰদূষণ মুক্ত এক পৰিবেশৰ যোগেদি যথেষ্ট সকাহ দিবলৈ সক্ষম হ’ব ৷