গ্ৰীষ্মকালত শৰীৰৰ বাবে উপকাৰী এক অতি সহজলভ্য আৰু ৰসাল ফল হৈছে তৰমুজ । এই ফলবিধত লুকাই আছে বহু গুণ যিয়ে শৰীৰটোৰ ওপৰত এক যাদুকৰী প্ৰভাৱ পেলায় । তৰমুজত প্রচুৰ পৰিমানে ভিটামিন আৰু খনিজ আইৰণ থাকে। যি শৰীৰৰ বাবে অতি উপকাৰী । তৰমুজত শতকৰা ৯২% পানী থাকে যিয়ে শৰীৰটোক ডিহাইড্ৰেছনৰ পৰা ৰক্ষা কৰে । প্রাকৃতিকভাৱে এই ফলবিধত কোনো ধৰণৰ চর্বিযুক্ত উপাদান নাই।
গৰমত তৰমুজ যথেষ্ট উপকাৰীৰূপে পৰিগণিত হৈছে। তৰমুজৰ এই গুণ সমূহ হৈছে –
- তৰমুজত প্রচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন এ থাকে। বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষিত কৰাত সহায় কৰাৰ লগতে চকুত ছানি পৰাৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে। ভিটামিন এ চকুৰ দৃষ্টি শক্তি বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
- তৰমুজে হৃদযন্ত্রৰ ৰক্ত প্রৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্রৱণতা বহুগুণে হ্রাস পায়।তৰমুজত প্রচুৰ পৰিমাণে থকা পটাছিয়ামে শৰীৰৰ মাংসপেশী আৰু স্নায়ু সুৰক্ষাত অত্যন্ত কার্যকৰী ভূমিকা পালন কৰে।
- তৰমুজত প্রচুৰ পৰিমাণ ভিটামিনি চি থাকে যি শৰীৰৰ বিভিন্ন স্থানৰ বিষ নিৰাময়ৰ লগতে দাঁত আৰু মাংসপেশীৰ সুৰক্ষাত প্রতিষেধক হিচাপে কাম কৰে।তৰমুজত লাইকোপিনো নামক ৰঙা উপাদান থাকে যত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি হৈ থাকে যিয়ে হাড়ৰ গঠন মজবুত কৰাত অত্যন্ত সহায় কৰে।
- তৰমুজত প্রচুৰ পৰিমাণে এমিন’ এছিড থাকে যি শৰীৰৰ কলেষ্টেৰল আৰু চর্বি কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও তৰমুজত থকা এন্টি অক্সিডেন্টে শৰীৰত জমা হৈ থকা কোলেস্টেৰল কমোৱাত সহায় কৰে।
- তৰমুজত প্রচুৰ জলীয় উপাদান থকাৰ বাবে প্রস্রাৱৰ জ্বলাপোৰা কমাই দিয়ে। তৰমুজত থকা এন্টিবডিয়ে কিডনি আৰু লিভাৰ সুৰক্ষাতো সহায় কৰে।
সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো তৰমুজৰ বহুল ব্যৱহাৰ দেখা পোৱা যায় –
- তৰমুজৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ থাকে। তৈলাক্ত ছালৰ অধিকাৰী সকলে মৌৰ সৈতে তৰমুজ ফেচ ক্ৰীম ৰূপে ব্যৱহাৰ কৰি মুখত লগালে যথেষ্ট সুফল পোৱা যায় ।
- প্ৰতিদিনে মুখত তৰমুজৰ ৰস ব্যৱহাৰ কৰিব পাৰিলে ছাল মসৃণ আৰু কোমল হৈ থাকে । শুকান ছালত মৌ, গাখীৰ আৰু তৰমুজ মিশ্ৰণ কৰি ব্যৱহাৰ কৰিলে ছাল উজ্জ্বল হয় ।
- তৰমুজত থকা এচিডে ছালৰ মৃত কোষ সজীৱ কৰে । সামান্য তৰমুজৰ ৰসৰ লগত বেচন মিহলাই মুখত সেই মিশ্ৰণ স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰি
- ৰূপচৰ্চাত তৰমুজ ট’নাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। প্ৰাকৃতিক ট’নাৰ হিচাপে তৰমুজ যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণ হৈছে।