ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হোৱা যুদ্ধই গোলকীয় অর্থনীতিত ব্যাপক প্ৰভাৱ পেলাব বুলি আশংকা কৰিছে বিশেষজ্ঞ সকলে ৷ বিশেষকৈ খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে ইন্ধনজাত সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি কৰিব বুলি আশংকা কৰা হৈছে ৷ দুয়োখন দেশৰ অনাকাংক্ষিত যুদ্ধই কেবল ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাই নহয়, জুই জ্বলাব আপোনাৰ পাকঘৰতো ৷ ৰন্ধন গেছৰ লগতে অত্যাধিক হাৰত বৃদ্ধি পাব খোৱা তেলৰ দাম ৷ কিয়নো ভাৰতলৈ খোৱা তেলৰ সিংহভাগ ৰপ্তানি কৰে ইউক্ৰেইনে ৷ উল্লেখ্য যে ভাৰতে বছৰি প্ৰায় ২.৫ নিযুত টন (মেট্ৰিক টন) ছানফ্লাৱাৰ তেল ব্যৱহাৰ কৰে। ভাৰতীয় সকলে ব্যৱহাৰ কৰা চতুৰ্থ সৰ্বাধিক খোৱা তেল হৈছে ছানফ্লৱাৰ তেল ৷ পাম (৮-৮.৫ মেট্ৰিক টন), চয়াবীন (৪.৫ মেট্ৰিক টন) আৰু সৰিয়হ (৩ মেট্ৰিক টন)ৰ পিছত ভাৰতত সর্বাধিক ছানফ্লাৱাৰ তেল ব্যৱহাৰ কৰা হয় ৷ । কিন্তু ভাৰতে মাত্ৰ ৫০,০০০ টন ছানফ্লাৱাৰ তেল উৎপাদন কৰে ৷ চাহিদা অনুসৰি বাকী ছানফ্লাৱাৰ তেলৰ আধিকাংশই ইউক্ৰেইন আৰু ৰাছিয়াৰ পৰা আমদানি কৰা হয় ৷
বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০১৯-২০ বৰ্ষত (এপ্ৰিল-মাৰ্চ) দেশৰ ছানফ্লাৱাৰ তেল আমদানিৰ পৰিমাণ হৈছে মুঠ ২.৫ মেট্ৰিকটন ৷ ২০২০-২১ বৰ্ষত এই পৰিমাণ আছিল ২.২ মেট্ৰিক টন ৷ যাৰ মূল্য আছিল ক্ৰমান্বয়ে ১.৮৯ বিলিয়ন ডলাৰ আৰু ১.৯৬ বিলিয়ন ডলাৰ। মুঠ আমদানিৰ ভিতৰত ইউক্ৰেইনৰ পৰা ২০১৯-২০ বৰ্ষত ১.৯৩ মেট্ৰিক টন (মূল্য ১.৪৭ বিলিয়ন ডলাৰ) আৰু ২০২০-২০২১ চনত ১.৭৪ মেট্ৰিক টন (১.৬ বিলিয়ন ডলাৰ ছানফ্লাৱাৰ তেল আমদানি কৰা হৈছিল ৷ আনহাতে ৰাছিয়াৰ পৰা ০.৩৮ মেট্ৰিক টন (২৮৭ নিযুত ডলাৰ) আৰু ০.২৮ মিলিয়ন (২৩৫ মিলিয়ন ডলাৰ) তেল আমদানি কৰা হৈছিল ৷ । আৰ্জেণ্টিনাৰ পৰাও কিছু পৰিমাণে তেল আমদানি কৰা হৈছিল ৷
ৰাছিয়াৰ দ্বাৰা যুদ্ধ ঘোষণা কৰাৰ আগতেই বিশ্বব্যাপী ছানফ্লাৱাৰ তেলৰ মূল্য বৃদ্ধি পাইছে। ২৩ ফেব্ৰুৱাৰীত মুম্বাইত আমদানি কৰা ছানফ্লাৱাৰ তেলৰ মূল্য প্ৰতি টনত ১৬৩০ ডলাৰলৈ বৃদ্ধি হৈছে ৷ ইয়াৰ পূর্বে ইয়াৰ মূল্য আছিল ১৫০০ ডলাৰ ৷ তদুপৰি পাম তেল আৰু চয়াবীন তেলৰ মূল্য ক্ৰমান্বয়ে ক্ৰমান্বয়ে উর্ধমুখী হৈছে ৷