বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফল হ’ল শিলিখা । শিলিখাক অমৃতৰ সমান বুলি কোৱা হয়। শিলিখাই সকলো বেমাৰ ভাল কৰিব পাৰে বাবে ইয়াক হৰীতকী বুলিও জনা যায়। ।
বৈজ্ঞানিক নাম ঃ Terminalia Chebula
শিলিখা ঠাল-ঠেঙুলি যুক্ত ডাঙৰ গছ। ফল কেঁচাতে সেউজীয়া , পকিলে সেউজীয়া- হালধীয়া ৰঙৰ হয়।
শিলিখা গুণৰ আকৰ।শিলিখা ফলটো অন্য খাদ্য দ্ৰব্যৰ লগত ব্যৱহাৰ কৰিলে তাৰ ফল ভিন্ন পোৱা যায়। অৰ্থাৎ শিলিখা ব্যৱহাৰ অনুসৰি গুণ বেলেগ হোৱা দেখা যায়।
১) শিলিখা চোবাই খালে সহজে ভোক লাগে। অৰ্থাৎ হজম শক্তি বাঢ়ে।
২) শিলিখা ভাজি খালে বায়ু , পিত্ত আৰু কফ নাশ হয়।
৩) শিলিখা পানীত তিয়াই পানী খিনি খালে কেঁচুমূৰীয়া আৰু গ্ৰহণী ৰোগ ভাল হয়।
৪) শিলিখা সিজাই খালে মল সংগ্ৰহ কৰে ।
৫) শিলিখা নিমখৰ লগত খালে কফ নাশ আৰু হজম শক্তি বাঢ়ে।
৬) শিলিখা চেনীৰ লগত খালে পিত্ত নাশ হয়।
৭) শিলিখা পানীত তিয়াঁই ৰাখি সেই পানীৰে চকু ধুলে চকুৰ দৃষ্টি শক্তি বাঢ়ে।
৮) শিলিখা ঘিউৰ লগত খালে বায়ু নাশ হয়।
৯) শিলিখাৰ মাংসখিনি গুড়ৰ লগত সিজাই খালে সকলো বেমাৰ ভাল হয়।
ঋতু অনুসৰি শিলিখা বাৰিষা কালত নিমখৰ লগত , শৰৎ কালত চেনীৰ লগত ,শীতকালত শুকান আদাৰ লগত , শীতৰ শেষত পিপলিৰ লগত আৰু বসন্ত কালত মৌৰ লগত খালে সকলো বেমাৰ ভাল হৈ দীৰ্ঘায়ু হয়।