বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলোৱাৰ পিচৰ পৰাই বিশ্বৰ শ্বেয়াৰ বজাৰত সৃষ্টি হৈছে এক উশ্বৃংখল পৰিবেশৰ ৷ইউৰোপৰ দুইখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতেই বিশ্বৰ ২০গৰাকী ধনাঢ্য ব্যক্তিৰ সম্পত্তিৰ মূল্য ৩.১১লাখ কোটি টকাতকৈও হ্ৰাস পায় ৷ আনহাতে ভাৰতৰ শ্বেয়াৰ বজাৰতো পৰিলক্ষিত হয় উত্থান-পতনৰ ৷ উক্ত সময়ছোৱাত মুকেশ আম্বানি ,গৌতম আদানি,উদয় ক’টাক,দিলীপ ছাংভিকে ধৰি ভাৰতৰ শীৰ্ষ ১০ গৰাকী পুঁজিপতিয়ে ৬০হেজাৰ কোটি টকাৰ সম্পত্তিৰ লোকচানৰ সন্মূখীন হয় ৷
বিশ্বৰ সবাতোকৈ ধনী উদ্যোগপতি তথা টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কৰ সম্পত্তিৰ মূল্য ১লাখ কোটি টকা হ্ৰাস পায় ৷ফ’ৰ্বছৰ তথ্য অনুসৰি শেহতীয়াকৈ ধনাঢ্য ব্যৱসায়ীসকলৰ শ্বেয়াৰ বজাৰৰ তালিকাভূক্ত প্ৰতিষ্ঠান সমূহৰ মূল্য অভূতপূৰ্ব হাৰত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ ফলত এছিয়াৰ সকলোতকৈ ধনী উদ্যোগপতি মুকেশ আম্বানিৰ সম্পত্তিৰ মূল্য বৃহস্পতিবাৰে দিনৰ ১২ বজালৈকে ২১ হেজাৰ কোটি টকা হ্ৰাস পায় ৷ আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিৰো সম্পত্তিৰ মূল্য ৯,৭০০ কোটি টকা হ্ৰাস পোৱাৰ লগতে এইচ চি এলৰ অধ্যক্ষ শিৱ নাডাৰাৰ সম্পত্তিৰ মূল্য হ্ৰাস পাই ৫,৩০০কোটি টকা ৷ মাৰ্ক জুকাৰ বাৰ্গ,বিল গে’টছকে ধৰি বিশ্বৰ আন বহুতো শীৰ্ষ উদ্যোগপতিৰ সম্পত্তিৰ মূল্যতো প্ৰভাৱ পেলাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘটিত হোৱা এই সংঘাতে ৷