সৰ্প দংশন জন স্বাস্থ্যৰ ক্ষেত্ৰত এটা অৱহেলিত বিষয়। সাপে দংশন কৰিলে বেছিভাগ লোকে প্ৰথমতে ওজা-বেজ ,মন্ত্ৰ আদিৰহে কাষ চাপে । বহু লোকে এনে সময়ত চিকিৎসালয় নাপায়গৈ। ওজা-বেজৰ হাততে মৃত্যুমুখত পৰে বহু লোক । কিন্তু সৰ্প দংশনত ডাক্তৰী চিকিৎসাও যে সম্ভৱ, সেই সচেতনতা সমাজত কম মানুহৰহে আছে।
দৰাচলতে সৰ্প দংশনৰ ডাক্তৰী চিকিৎসাৰ বাহিৰে আন চিকিৎসা সম্ভৱ নহয়।পৃথিৱীত প্ৰায় ৩ হাজাৰ প্ৰজাতিৰ সাপ আছে আৰু তাৰে প্ৰায় ৬০০ প্ৰজাতি বিষযুক্ত সাপ । ভাৰতৰ প্ৰায় ২১৬ টা প্ৰজাতিৰ সাপৰ ভিতৰত প্ৰায় ৬০ টা প্ৰজাতিৰ সাপ বিষযুক্ত । প্ৰাপ্ত তথ্য মতে, অসমৰ আনুমানিক ১৪ টা প্ৰজাতিৰ বেছি বিষধৰ আৰু ৮ টা প্ৰজাতিৰ কম বিষধৰ সাপ পোৱা যায়।
প্ৰাপ্তবয়স্ক লোকতকৈ শিশু আৰু বৃদ্ধ লোকৰ ওপৰত সাপৰ বিহৰ প্ৰভাৱ বেছি। সাপে যদি একেলগে কেইবাবাৰো কামোৰে ,দাঁত যদি দলৈকে বহে আৰু যদি সাপটোৱে কামুৰি ধৰি থাকে তেন্তে বিহ বেছি হোৱাৰ সম্ভাৱনা থাকে।
সৰ্প দংশনৰ লক্ষণ সমূহ হ’ল-
- সাপে দংশন কৰিলে সেই অংশ ক’লা পৰি মৰি যাব পাৰে, ফুলি উঠি বিষাব পাৰে, পানীজোলা বান্ধিব পাৰে আৰু ছালৰ তলত তেজ জমা হ’ব পাৰে।
- দংশনৰ পাচত চকুৰে ভালদৰে নেদেখা , ভালকৈ কথা ক’ব নোৱৰা হোৱা, কথা ক’লে লাগি ধৰা , উশাহ লোৱা বা খোৱা-লোৱাত অসুবিধা , শৰীৰ অৱশ হৈ যোৱা আদি লক্ষণো দেখা পোৱা যায়।
- সাপে কামোৰিলে চকু-নাক ,দাঁতৰ আলু আৰু পুৰণি ঘাঁৰ পৰা তেজ ওলাব পাৰে নাইবা পেটত বা মগজুত ৰক্তক্ষৰণ হ’ব পাৰে। আনহাতে তেজ বমি হোৱাৰো সম্ভাৱনা থাকে।
- প্ৰস্ৰাৱ কম বা বন্ধ হৈ যাব পাৰে আৰু প্ৰস্ৰাৱৰ লগত তেজো যাব পাৰে। আনহাতে মাংসপেশীবোৰ বিষাই ফুলি উঠিব পাৰে আৰু মাংসপেশী সংকুচিত হৈ যাব পাৰে ।
- বিহহীন সাপে দংশন কৰিলেও উদ্বিগ্নতাৰ বাবে বুকু ধপ ধপ কৰা, যথেষ্ট পৰিমাণে ঘাম ওলোৱা, হাত-ভৰিৰ কঁপনি, ঘনকৈ উশাহ লোৱা,উচ্চ ৰক্তচাপ ,হাত-ভৰিৰ জিনজিননি আদি কিছুমান লক্ষণে দেখা দিব পাৰে।
সৰ্প দংশনৰ কিছুমান প্ৰাথমিক চিকিৎসা আছে –
- সাপে কামোৰাৰ পিছত দৌৰাদৌৰি কৰা একেবাৰে অনুচিত। তেনে কৰিলে তেজৰ চলাচল দ্ৰুত হয় আৰু বিহো শৰীৰত দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা থাকে। বেছিভাগ দংশন হাত বা ভৰিতে হোৱা দেখা যায় গতিকে দংশন হোৱা অংগটো লৰচৰ নকৰাকৈ ৰাখিব লাগে।
- কামোৰা ঠাইখিনিৰ ওপৰলৈ গামোচা বা তেনেকুৱা কাপোৰেৰে ঢিলাকৈ পকাই পকাই বান্ধিব লাগে। জোৰকৈ আটি আটি বান্ধিব নালাগে। বান্ধৰ তলেৰে যাতে এটা আঙুলি সহজতে সোমাব পাৰি, সেয়া কথা লক্ষ্য ৰখা দৰকাৰ। বাঁহ, কাঠ বা তেনে ধৰণৰ লাঠী ভৰি বা হাতৰ দুইফালে বান্ধি দিয়া উচিত যাতে লৰচৰ কৰিব নোৱাৰে।
- সাপে দংশন কৰা ঠাইখিনি কাটি তেজ উলিওৱা বা মুখেৰে চুহি তেজ উলিয়াবলৈ চেষ্টা কৰা একেবাৰে অনুচিত। দংশন কৰা স্থানত যদি আঙুঠি বা তেনে ধৰণৰ কোনো বস্তু থাকে তেনে লগে লগে খুলি দিয়া উচিত।
- সাপে কামোৰা ব্যক্তিজনক বাওঁফালে কাটি কৰি শুৱাই ৰাখিব লাগে। এনেকুৱা কৰিলে বমি হ’লেও শ্বাস-প্ৰশ্বাসৰ নলীৰে বমি সোমাই নাযায়। চিকিৎসালয় নোপোৱালৈকে মুখেৰে একো খাব দিয়া উচিত নহয় ।
- সৰ্প দংশনৰ পাচত ওজা, বেজ বিচাৰি বহুমূলীয়া সময় নষ্ট কৰাতকৈ যিমান পাৰি সোনকালে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে । কাৰণ সৰ্প দংশনৰ পাচত সকলোতকৈ ফলপ্ৰসূ চিকিৎসা হৈছে ডাক্তৰী চিকিৎসা।