চকুযুৰি হ’ল আমাৰ দেহৰ অতি প্ৰয়োজনীয় অংগ । চকুযুৰি ভালে ৰাখিবলৈ হ’লে আমি সৰুৰে পৰাই যত্ন ল’ব লাগে। দৃষ্টিশক্তি বঢ়াবৰ বাবে আৰু বিভিন্ন ৰোগৰ প্ৰতিৰোধ কৰিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণে খাদ্যপ্ৰাণ ‘ক’ যুক্ত খাদ্য বিশেষকৈ মূলা , নৰসিংহ , ধনিয়া , চজিনা , বিট , পাণ , ওলকবি , পালেং , গাজৰ , নিমপাত , পদিনা , বিলাহী , বন্ধাকবি চয়াবিন , কচুৰ থোৰ আদি শাক পাচলি নিয়মীয়াকৈ খাব লাগে। ঠিক সেইদৰে ফল-মূলৰ ভিতৰত আম , সুমথিৰা , পকা অমিতা , মধুৰিআম , ৰৱাব টেঙা আদি নিয়মীয়াকৈ খোৱা উচিত।
বেক্টেৰিয়া আৰু ভেঁকুৰে আক্ৰমণ কৰিলে , বিষাক্ত বস্তু চকুত পৰিলে বা আঘাট লাগিলেও নানা ৰোগ হ’ব পাৰে। কেতিয়াবা চকুৰ পৰা পানী ওলাই থকাও দেখা যায়। চকুৰ ৰোগত বনৌষধি ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি –
১) শিলিখাৰ গুড়ি ১০ গ্ৰামত সমান পৰিমাণৰ গুলঞ্চৰ ৰস মিহলাই তাত দুচামুচ মৌ দি দুবাৰকৈ খালে চকুৰ প্ৰায় সকলো বোৰ ৰোগ ভাল হয়।
২) চকু ৰঙা পৰা ৰোগত গোলাপজল চকুত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
৩) চকুৰ পৰা পানী ওলাই থকা ৰোগত আমলখিৰ ৰসেৰে চকু ভালদৰে ধুব লাগে।
৪) পাঁচটা বাদাম এগিলাচ পানীত এৰাতি তিয়াই ৰাখি পুৱা বাদাম কেইটা পিহি পানীৰ লগত কেইদিনমান খালে চকুৰ পৰা পানী ওলোৱা ৰোগ ভাল হয়।
৫) চকুত জাল পৰিলে চকুৰ কোণত গোলনেমু বা কাজিনেমুৰ ৰস দুই টোপাল দিব লাগে।আলু এটা পিহি কাজলৰ দৰে চকুত লগালেও চকুৰ জাল পৰা ৰোগ ভাল হয়।
৬) চকুৰ পৰা ৰঙাপানী পৰিলে বা চকুৰ বিষ হ’লে হালধিৰ ৰস দুই টোপাল চকুৰ কোণত দিনে দুবাৰকৈ দিব লাগে।
৭) চকুত আচিনা হ’লে কণা শিমলুৰ ঠাৰিৰ ৰস এক টোপাল দিলে সোনকালে শুকায়।
৮) চকুত দুখ পালে কেঁচা হালধি খুন্দি পৰিষ্কাৰ কাপোৰ এখনত বান্ধি জুইত গৰম কৰি দুখ পোৱা স্থানত লগালে বিষ কমে।
৯) চকুৰ উজ্বলতা বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধৰ বাবে তিঁয়হ আৰু মৌ লগাব লাগে।
চকু আমাৰ শৰীৰৰ অতি প্ৰয়োজনীয় অংগআৰু চকুযুৰি বিশেষ সংবেদনশীল। গতিকে চকুৰ ৰোগ হ’লে আমি ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।