ড্ৰাগছ সৰবৰাহ আৰু মটৰচাইকেল,চাইকেল,লেপটপ চুৰিৰ পৃথক কাৰ্যত জড়িত চাৰিজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাত সফল হৈছে মহানগৰ আৰক্ষী
ড্ৰাগছ সৰবৰাহ আৰু চুৰি কাৰ্যত জড়িত চাৰি দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী। দেওবাৰে এক অভিযানত গড়চুক আৰক্ষী থানাৰ পশ্চিম গুৱাহাটী আৰক্ষীৰ এটা দলে সাওকুচিৰ পশ্চিম গাৰো পাহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে আজাদ হুছেইন নামৰ ৩০ বছৰীয়া এজন লোকক আৰু তেওঁৰ দখলৰ পৰা উদ্ধাৰ কৰে হেৰোইনভৰ্তি মুঠ ১২ টা ভাইল ৷
আনহাতে দেওবাৰে সংঘটিত আন এক অভিযানত চান্দমাৰী আৰক্ষী থানাৰ কেন্দ্ৰীয় গুৱাহাটী আৰক্ষীৰ এটা দলে উচ্চ মানৰ চাইকেল চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অনিৰুদ্ধ দাস নামৰ ১৯বছৰীয়া এজন যুৱকক ৷ তেওঁৰ দখলৰ পৰা উদ্ধাৰ কৰা হৈছিল গান্ধী বস্তিৰ পৰা চুৰি হোৱা এখন চাইকেল ৷
তৃতীয়টো অভিযানত, ভঙাগড় আৰক্ষী থানাৰ পূব গুৱাহাটী আৰক্ষীৰ এটা দলে কমল নগৰৰ পাহাৰৰ পৰা চুৰি হোৱা এখন পালচাৰ বাইক উদ্ধাৰ কৰে। এই বিষয়ে তদন্ত অব্যাহত আছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।
আনহাতে বশিষ্ঠ আৰক্ষী থানাৰ যোৰাবাট আউটপ’ষ্টৰ আন এটা দলে ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত লেপটপ চুৰিৰ গোচৰত নগাঁৱৰ বাবুল আলী আৰু গোলাঘাটৰ ৰাজু আলীক গ্ৰেপ্তাৰ কৰে আৰু দুই চোৰৰ কবলৰ পৰা চুৰি হোৱা লেপটপটো উদ্ধাৰ কৰে ৷ উক্ত ঘটনাত বিশ্বাসযোগ্য তথ্যৰ ওপৰত ভিত্তি কৰি বশিষ্ঠ আৰক্ষী থানাৰ এটা দলে ওদালগুৰি জিলাৰ ৰোটা আৰক্ষী থানা অঞ্চলৰ পৰা চুৰি হোৱা এখন ৰয়েল এনফিল্ড মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উক্ত প্ৰতিটো ঘটনা সন্দৰ্ভত ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আৰক্ষী সূত্ৰই জনাইছে ।