দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বাথৰুমৰ ভিতৰৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হয় আয়েশা খাতুন নামৰ এগৰাকী মহিলাক ৷ উদ্ধাৰৰ সময়ত অয়েশাৰ মূৰৰ পিছফালে আঘাতৰ চিন প্ৰতক্ষ কৰা হয় । আৰক্ষীৰ সূত্ৰ অনুসৰি, খাতুন আৰু তেওঁৰ স্বামী আব্দুল মুতালাবে ৭ ফেব্ৰুৱাৰীত চেৰিব্ৰেল পালচিত ভুগি থকা তেওঁলোকৰ তিনি বছৰীয়া পুত্ৰৰ চিকিৎসাৰ বাবে জিএমচিএইচলৈ আহিছিল আৰু শনিবাৰে নিশা প্ৰায় ৯ বজাত ঘৰুৱা বাক-বিতণ্ডাত লিপ্ত হোৱাৰ পিছত দুয়োজন চিকিৎসালয়ৰ পৰা সন্ধানহীন হৈ আছিল।