আজি কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ ওপজা দিন । ১৯৩৮ চনৰ পহিলা মাৰ্চৰ দিনা বৰপেটা জিলাৰ নগাঁৱত (ভেল্লা) তেওঁৰ জন্ম হৈছিল ।এগৰাকী কৃতী শিক্ষক হিচাপেও খ্যাতি অৰ্জন কৰা ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ অনেক সুৱদী সুৰীয়া কামৰূপী লোকগীত আজিও শ্ৰোতাৰ কাণত ৰৈ ৰৈ বাজি আছে । তেওঁ একক কণ্ঠৰ উপৰি পত্নী ধনদা পাঠকৰ সৈতে দ্বৈত কণ্ঠতো অনেক লোকগীত পৰিৱেশন কৰিছিল । টুপুনী টুপুনী, অ’ পখী ৰৈয়া যা ৰে, ৰাম নাম কি মধুৰ, মোৰে মলুৱা, হায় হায় বিলেমুৰী এ, ভূমিত পৰিয়া আদি গীতে তেওঁক অমৰ কৰি ৰাখিছে । ৰামেশ্বৰ পাঠক-ধনদা পাঠক যুটীয়ে কেইবাখনো গ্ৰামোফোন ৰেকৰ্ডৰ উপৰি ডেৰ শতাধিক কেছেটত কণ্ঠদান কৰে । তেওঁ ‘এণ্টনী মোৰ নাম’কে ধৰি কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ নেপথ্য গীততো কণ্ঠদান কৰিছিল । এইগৰাকী শিল্পীয়ে সংগীত নাটক একাডেমী বঁটা লাভ কৰে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম
আজি শিক্ষাবিদ, লেখক, গৱেষক আৰু লোকসংগীতৰ শিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ ওপজা দিন । ১৯৩৫ চনৰ ১ মাৰ্চত নগাঁৱত তেওঁৰ জন্ম । পিতৃ কল্পনাথ দত্ত আৰু মাতৃ মন্দাকিনী দত্ত । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সেই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ এ ষ্টাডী অব দ্য ফক কালচাৰ অব দ্য গোৱালপাৰা ডিষ্ট্ৰিক্ট অব আছাম বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে । গুৱাহাটীৰ বি বৰুৱা কলেজত প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা দত্তই তেজপুৰ বিশ্ববিদ্যালয়ত নৰ্থ ইষ্টাৰ্ণ আৰ্কাইভেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল আৰ্ট এণ্ড ফৌকল’ৰ প্ৰতিষ্ঠা কৰে । তেওঁৰ কুৰিখনতকৈও অধিক অসমীয়া আৰু ইংৰাজী গ্ৰন্থ প্ৰকাশ পাইছে । ২০০৩ চনত লখিমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰে । তেওঁ পদ্মশ্ৰী সন্মানৰ উপৰি জগদ্ধাত্ৰী-হৰমোহন দাস সাহিত্য বঁটাও লাভ কৰে । এগৰাকী কণ্ঠশিল্পী হিচাপেও তেওঁ বিশেষভাৱে জনপ্ৰিয় । বহুদিন বকুলৰ মালা গঠা নাই, চম্পাৱতী তোমাৰ কোলাত চপালোঁ মোৰ নাও, অ’ ঘনচিৰিকা, ৰহিমলা ওৰণিৰ মাজেৰে আদি তেওঁৰ কণ্ঠৰ অনেক গীত শ্ৰোতাৰ মুখে মুখে । তেওঁৰ দ্বাৰা ৰচিত হিন্দী গীত ‘হৈ ছলক পড়ী চাঁদনী/ইক বহক ৰহী ৰাগনী/হাৱাৱোমে ছাই মস্তী/তু চুপ চুপ আজা’ শ্যামল মিত্ৰৰ কণ্ঠত জীৱন্ত হৈ উঠিছিল ।এইগৰাকী বিশিষ্ট ব্যক্তিলৈ যাচিলোঁ ওপজা দিনৰ ওলগ ।