অসমৰ এখন ভিতৰুৱা অঞ্চলৰ পৰা ওলাই যোৱা এজনী সাধাৰণ ছোৱালী। গাঁৱৰ বোকা-পানী গচকি ডাঙৰ হোৱা ছোৱালীজনীয়ে আজি খাবলৈ পোৱা নাই মাকে ৰান্ধি দিয়া কচু,খৰিচা আৰু মাছৰ টেঙা জোলকণ ।দৈনিক পুৱা-গধূলি ফ‘ন কৰি মনত পেলাইছে থলুৱা যুতিৰ কচু,ঢেকীয়া ,খৰিচা আৰু অতিকে প্ৰিয় মাছৰ টেঙা জোল কণলৈ।
২০২০ টকিঅ‘ অলিম্পিকলৈ নিৰ্বাচন হোৱা অসমৰ প্ৰথম মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই । অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়া গাঁৱৰ পৰা সুদূৰ টকিঅ‘ লৈ কৰা এক সংঘাতপূৰ্ণ যাত্ৰাত আজি এই বোকাৰ পদুম পাহি জিলিকি উঠিছে বিশ্বাকাশত ।
বক্সিং লৈ অহাৰ পূৰ্বে লাভলীনাই খেলিছিল কিকবক্সিং।বৰপথাৰৰ প্ৰশান্ত দাসৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰা লাভিলীনাই ৰাষ্ট্ৰীয় পৰ্যায়তো কিকবক্সিংত লাভ কৰিছিল সোণৰ পদক।
২০১১ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰশিক্ষণ কেন্দ্ৰ (ছাই) এটা দল বৰপথাৰত খেলুৱৈ নিৰ্বাচনৰ বাবে আহোতে লাভলীনাও সেই বাচনিত নিৰ্বাচিত হৈ গুৱাহাটীৰ ছাইৰ কেন্দ্ৰত যোগ দিয়ে।
ইয়াৰপূৰ্বে কিকবক্সিং খেলা লাভলীনাই ছাইৰ বাছনি শিৱিৰৰ পৰিদৰ্শক ভৱানন্দ লাহনৰ তত্বাৱধানত ২০১২ চনতহে প্ৰথমবাৰৰ বাবে বক্সিংৰ পথাৰত ভৰি দিয়ে। এইযে আৰম্ভণি
ক্ৰমে ৰাষ্ট্ৰীয় ,আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিবলৈ সক্ষম হ‘য়।অষ্ট্ৰেলিয়াৰ গল্ডকষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাগ লোৱাৰ লগতে ২০১৮ চনত এ আই বি এ মহিলা বিশ্ব বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জ,২০১৯ ত বিশ্ব মহিলা বক্সিং ত সোণৰ পদক ,একেদৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰথম ভাৰতীয় মুকলি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰূপ আৰু গুৱাহাটীত অনুষ্ঠিত হোৱা দ্বিতীয় ভাৰতীয় মুকলি বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জ পায়।
অতি কম সময়ত নিজক এগৰাকী আন্তঃ ৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰা লাভলীনাক এই অৱদানৰ বাবে ২০২০ চনত ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰে।
এটি খেতিয়কৰ পৰিয়ালৰ পৰা অহা লাভলীনা পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামনি বৰগোঁহাইয়ে অশেষ কষ্ট কৰি তিনিজনী ছোৱালীক খেল জগতলৈ আনিছিল।
উল্লেখ্য যে লাভলীনাৰ দুই যমজ ভগ্নী লীমা আৰু লিছাও ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিছিল।খেলৰ জৰিয়তে বৰ্তমান দুয়োগৰাকী চাকৰি লাভ কৰিবলৈও সক্ষম হৈছে।
১৯৯৭ চনৰ ২ অক্টোবৰত জন্ম গ্ৰহণ কৰা লাভলীনাই দেউতাকৰ লগত পথাৰত খেতি-বাতি কৰি আৰু গছ পুলি ৰোপণ কৰি ভাল পায়।বিভিন্ন সময়ত লাভলীনাই গছ পুলি ৰোপণ কৰা ফটো চ‘ছিয়েল মিডিয়াত দেখা যায়।
ল‘ৰাৰ দৰে থাকি ল‘ৰাৰ সাজ পৰিধান কৰি ভাল পোৱা লাভলীনাৰ মাতৃয়ে ৰান্ধি দিয়া থলুৱা খাদ্য কচু, মাছৰ টেঙা জোল , কোমোৰা দি ৰন্ধা হাহ মাংস , খৰিচা , গাহৰি অন্যতম প্ৰিয় খাদ্য।
অলিম্পিকৰ সপোন দেখা লাভলীনাই সদায় প্ৰচাৰলৈ ভয় কৰিছিল।ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক পোৱাৰ পিছত অনান্য খেলুৱৈৰ দৰে লাভলীনালৈও আহিছিল বহুজাতিক কোম্পানীৰ বিজ্ঞাপনৰ সুযোগ ।কোনোমতে খেতি কৰি চলা সাধাৰণ পৰিয়ালটোত তীব্ৰ আৰ্থিক সংকটত থাকিও লাভলীনা কিন্তু ভোল যোৱা নাছিল তেনে আৰ্থিক প্ৰলোভনত।যিহেতু লাভলীনাৰ লক্ষ্য আছিল কেৱল অলিম্পিক।
আনকি কমনৱেলথ ৰ পৰা ঘূৰি অহাৰ পিছত লাভলীনাৰ ঘৰত সম্বৰ্ধনা জনোৱা মানুহৰ ভিৰ লাগিছিল।বিভিন্ন অনুষ্ঠান –প্ৰতিষ্ঠানে আমন্ত্ৰণ জনোৱা সম্বৰ্ধনা অনুষ্ঠানলৈ গৈছিল যদিও লাভলীনাই কিন্তু আমন্ত্ৰণ প্ৰত্যাখান কৰিব নোৱাৰি বা ৰাইজৰ আদৰক নেওচা দিব নোৱাৰিহে গৈছিল। যিহেতু লক্ষ্যপ্ৰাপ্তিত বাধা আহিব বুলি লাভলীনাই সদায় নিজক সমাগমৰ পৰা আতৰাই ৰাখিছিল।
আৰু আজি নিজ লক্ষ্যৰ পৰা বিচ্যুত নোহোৱা লাভলীনাই অলিম্পিকলৈ নিৰ্বাচন হোৱা অসমৰ পঞ্চম আৰু প্ৰথম মহিলা মুষ্টিযোদ্ধা ৰূপে নিজৰ নাম ইতিহাসৰ পাতত লিখি জীৱন ধন্য কৰিলে। আৰু বিশ্ব দৰবাৰত জিলিকালে অসম তথা ভাৰতবৰ্ষৰ নাম।