ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ অধিক তীব্ৰতৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ বিশেষকৈ হেজাৰ হেজাৰ ভাৰতীয় লোক যুদ্ধ বিধ্বস্ত দেশখনত আৱদ্ধ হৈ পৰাৰ পাছত তেওঁলোকক উদ্ধাৰ কৰাৰ বিষয়টো সর্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷ ইপিনে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধক লৈ সৃষ্টি হোৱা পৰিস্থিত সন্দর্ভত আজি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক অৱগত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই সাক্ষাৎকালত মোদীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ প্ৰতি ভাৰতৰ সঁহাৰিকে ধৰি কেইবাটাও বিষয়ৰ বিষয়ে অৱগত কৰিছে ৷
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে ৷ চাৰিজন কেন্দ্ৰীয় মন্ত্ৰীয়ে যুদ্ধবিধ্বস্ত অঞ্চলত আৱদ্ধ ভাৰতীয়সকলক স্থানান্তৰ কৰাৰ অভিযানৰ নিৰীক্ষণৰ বাবে ভাৰতৰ বিশেষ দূত হিচাপে ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহলৈ যাব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷