যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে চলোৱা অভিযানত অংশগ্ৰহণ কৰিব ভাৰতীয় বায়ুসেনাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বায়ু সেনাক মিছন গংগাৰ অধীনত উদ্ধাৰৰ বাবে আহ্বান জনাইছে । বায়ুসেনাৰ সামৰ্থ্যৰ ভিত্তিত কম সময়ৰ ভিতৰত অধিক লোকক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলিব ৷ ভাৰতীয় বায়ু সেনাই আজিৰ পৰা মিছন গঙ্গাৰ অংশ হিচাপে কেইবাখনো চি-১৭ বিমান মোতায়েন কৰাৰ সম্ভাৱনা আছে।কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল যে ইউক্ৰেইনত ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰে ২৪ ঘণ্টাই কাম কৰি আছে। ইফালে, ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক নতুন পৰামৰ্শ প্ৰদান কৰিছে ৷ ভাৰতীয় নাগৰিকসকলক জৰুৰীভাৱে কিয়েভ এৰি যাবলৈ নির্দেশ দিছে ৷ বিশেষকৈ ৰেল বা আন যিকোনো উপলব্ধ সেৱাৰ জৰিয়তে তেওঁলোকক কিয়েভ এৰিবলৈ পৰামর্শ প্ৰদান কৰা হৈছে ৷ ভাৰতে যুদ্ধকালীন ভাৱে মিছন গঙ্গাৰ অধীনত উদ্ধাৰ অভিযান অভিযান অব্যাহত ৰাখিছে ৷