ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা অসমৰ আদিম অধিবাসী কিৰাত বংশধৰৰ লোক সকলৰ সৰহ সংখ্যকেই আছিল শৈৱ ধৰ্মাৱলম্বী লোক। শিৱই আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা। তেওঁলোকে মুক্তভাৱে পালন কৰিছিল শিৱ বা মহাদেউ বা বুঢ়া গোসাঁইৰ পূজা। জনজাতি সকলে বিভিন্ন বলি-বিধান আৰু অনেক দ্ৰব্য সম্বলিত উপাচাৰেৰে স্মৰণাতীত দিনৰে পৰা অসমত বুঢ়া গোসাঁই মহাদেউক পূজা কৰি আহিছিল।
এই পূজাবোৰত মদ , গাহৰি , কুকুৰা , কণী , চাউল , তামোল -পাণ আদি উপাচাৰেৰে পূজা কৰা হৈছিল। সামাজিক লোকবিশ্বাস , চিন্তা-চৰ্চা আৰু ধ্যান ধাৰনাৰে নিৰ্দিষ্ট নীতি-নিয়মৰ জৰিয়তে তেওঁলোকৰ আৰাধ্য দেৱতা শিৱক বিভিন্ন নামেৰে পূজা কৰিছিল।গতিকে দেখা যায় যে অসমত শৈৱ পূজাৰ পৰম্পৰা বহু হাজাৰ পুৰণি আৰু আৰু এই পূজাৰ জন্মদাতা প্ৰাচীন অধিবাসী বৰ্তমান কালৰ বিভিন্ন জনজাতিৰ লোক সকল।
এনেদৰে হাজাৰ হাজাৰ বছৰ আগতে অসমৰ আদিম অধিবাসী সকলে পালন কৰা শিৱ বা মহাদেউ বা বুঢ়া গোসাঁইৰ পূজাই কালক্ৰমত অসমত আৰ্য সকলৰ বসতি স্থাপন আৰু ৰাজতন্ত্ৰ প্ৰতিষ্ঠা হোৱাত শিৱদ’ল , শিৱ মন্দিৰ আদিত শিৱ লিংগ , শিৱৰ বিগ্ৰহ আদি স্থাপনৰ জৰিয়তে পূজিত হ’বলৈ ধৰিলে। আহোম শাসক সকলৰ দিনতেই শৈৱ ধৰ্মই ৰাজধৰ্মৰ মৰ্যদা পাবলৈ সক্ষম হ’ল। ঠিক সেইদৰে আহোম স্বৰ্গদেউ সকলৰ দৰে শক্তিশালী কোচ ৰজা সকলো আছিল শিৱ উপাসক।
গতিকে অসমত আহোম আৰু কোচ ৰজা সকলৰ দিনতেই ৰাজকীয় পৃষ্ঠপোষকতাত শিৱ পূজাই প্ৰধান্য লাভ কৰিলে আৰু বিভিন্ন শিৱদ’ল , শিৱ মন্দিৰ আদিৰ স্থাপন হ’ল।
এনেদৰে আহি আহি সাম্প্ৰতিক যুগটোত শিৱ পূজাই ভক্তি আৰু আনন্দৰ উৎসৱ হিচাপে উদযাপিত হ’বলৈ ধৰিলে। লোকবিশ্বাস মতে বাবা ভোলানাথ বা শিৱ অলপতে সন্তুষ্ট হয়। সেইবাবে বাবা শিৱক অতি কমতে সন্তুষ্ট কৰি দুখ-যাতনাৰ পৰা মুক্ত হৈ শান্তিৰে জীৱন কটাবলৈ আজিৰ মানুহে বাবা শিৱক পূজা কৰে।
আজিৰ দিনত ঘৰে ঘৰে , গাঁৱে-ভূঞে , নগৰে-চহৰে অসংখ্য ৰূপত গঢ় লৈ উঠিছে অনেক শিৱ মন্দিৰ , শিৱ থান আদি। বেল গছ , আঁহত গছ আদিৰ তলতো শিৱ মূৰ্তি , শিৱ লিংগ , শিৱ ফটো আদি স্থাপন কৰি সেইবোৰত দৈনিক অনেক শিৱ ভক্তই ভক্তি ভাবেৰে চাকি -বন্তি , ধূপ-ধূনা আদি জ্বলাই মাহ-প্ৰসাদ , ফল-ফুল , গাখীৰ আদি বিভিন্ন উপাচাৰেৰে ভগবান শংকৰক পূজা-অৰ্চনা কৰে। সাধাৰণতে প্ৰতি সোমবাৰে শিৱক স্থাপন কৰা এনেবোৰ স্থানত শিৱ বাবাক পূজা সেৱা কৰিবৰ বাবে বহুত ভক্তৰ সমাগম হয়।
বৰ্তমান সময়ত গোটেই অসমত হিন্দু ধৰ্মাৱলম্বী লোক সকলে ফাগুন মাহৰ পৱিত্ৰ চতুদৰ্শী তিথিত শিৱ পূজা কৰি আহিছে। আড়ম্বৰ পূৰ্ণ ভাবে ৰাজহুৱা শিৱদ’ল , শিৱ মন্দিৰ , শিৱ থান আদিবোৰত হিন্দু ধৰ্মৰ আদৰ্শৰে শিৱ পূজা কৰি অহা পৰিলক্ষিত হৈছে। সাধাৰণতে মাহ-প্ৰসাদ , ফল-ফুল গাখীৰ আদি বিভিন্ন দ্ৰব্য দি পূজা কৰাৰ লগতে শিৱ বাবাৰ প্ৰিয় ভাঙৰ লাড়ু , ঘোটা আদিও দি পূজা কৰা হয়।
ঐতিহাসিক যুগৰ বহু হাজাৰ বছৰ আগৰে পৰা পৰম্পৰাগত ভাৱে চলি অহা শিৱ পূজা বৰ্তমান যুগৰ সমগ্ৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ শিৱ পূজাই ভক্তি আৰু আনন্দৰ উৎসৱ হিচাপে উদযাপিত হ’বলৈ ধৰিলে।