ৰাছিয়াই চলোৱা আক্ৰমণে সাত দিনত ভৰি দিয়াৰ সময়তে ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰ অভিযান অধিক তীব্ৰতৰ কৰি তোলা হৈছে ৷ বিগত ২৪ ঘন্টাত ভাৰতে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ১,৩৭৭ জন নাগৰিকক উদ্ধাৰ কৰিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সদৰী কৰিছে এই কথা ৷
আনহাতে, ইউক্ৰেইনত আৱদ্ধ নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰা অপাৰেচন গঙ্গাৰ অধীনত ভাৰতে অহা তিনি দিনলৈ ২৬ খনতকৈও অধিক বিমান চলোৱাৰ ব্যৱস্থা কৰিছে ৷ ইউক্ৰেইনৰ আকাশী সীমা বন্ধ হোৱাৰ লগে লগে ৰোমানিয়া, হাংগেৰী, পোলেণ্ডৰ বিমানবন্দৰৰ পৰা ভাৰতীয়সকলক দেশলৈ ওভতাই অনা হৈছে ৷ অপাৰেচন গঙ্গাৰ অংশ হিচাপে ৰোমানিয়ালৈ ৰাওনা হৈছে ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমান ৷
বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাস কৰা অনুসৰি ইউক্ৰেইনৰ ৰাজধানী কিয়েভত কোনো ভাৰতীয় আৱদ্ধ হৈ থকা নাই। ৰুচ বাহিনীয়ে অসামৰিক এলেকাসমূহৰ ওপৰত আক্ৰমণ আৰম্ভ কৰাৰ পাছতে কিয়েভৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ পলায়ন কৰিবলৈ নির্দেশ দিছে ৷ প্ৰায় ১৬,০০০ ভাৰতীয় শিক্ষাৰ্থী এতিয়াও ইউক্ৰেইনত আৱদ্ধ হৈ আছে। বৃহস্পতিবাৰে ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ দুৰ্দশাৰ ভিডিঅ’ প্ৰেৰণ কৰি সহায় কৰিবলৈ আহ্বান জনাইছে ৷