গুৱাহাটী মহানগৰীৰ পূব আৰক্ষী জিলাৰ ভঙাগড় আৰু দিচপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চল সমূহত জনসাধাৰণৰ সুগম চলাচল, যান-বাহনৰ মুক্ত প্ৰবাহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বাভাৱিক কাৰ্যকলাপ নিশ্চিত কৰাৰ বাবে ভঙাগড় উৰণীয়া সেঁতুৰ পৰা ৰূপনগৰ ৰোটাৰীলৈ আৰু ছয় মাইল উৰণীয়া সেঁতুৰ পৰা পাঞ্জাবাৰীলৈকে অঞ্চলসমূহত আৰক্ষী উপায়ুক্ত (এডিএমএন) হেমন্ত কুমাৰ দাসে পচনশীল আৰু অপচনশীল সামগ্ৰী/চাহৰ দোকান খোলা আৰু যিকোনো ধৰণৰ পথ বেদখলীকৰণত বাধা প্ৰদান কৰি এক নিৰ্দেশ জাৰি কৰিছে। ২৮ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে জাৰি কৰা নিৰ্দেশটোত কোৱা হৈছিল যে বিক্ৰেতাসকলে ভঙাগড় আৰু দিচপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলবোৰত পথ আৰু ফুটপাথ বেদখল কৰি পচনশীল আৰু অপচনশীল সামগ্ৰী বা চাহৰ দোকান খুলি পথচাৰী, যাত্ৰী আৰু স্থানীয় ৰাইজৰ অসুবিধাৰ সৃষ্টি কৰিছে কিয়নো এনে ধৰণৰ বেদখলৰ ফলত ৰাস্তাত বহু দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় । ৰাস্তা আৰু ফুটপাথ বেদখল কৰাৰ বাবে অঞ্চলসমূহত মানুহৰ এক অস্বাভাৱিক সমাৱেশ সংঘটিত হয় যাৰ ফলত সাধাৰণ মানুহ যথেষ্ট অসুবিধাৰ সন্মূখীন হয় ৷
সেয়েহে, ফৌজদাৰী প্ৰক্ৰিয়া বিধি ১৯৭৩-১৪৪ ধাৰাৰ অধীনত অসম চৰকাৰে ২০১৪চনৰ ২৪ডিচেম্বৰত ঘোষণা কৰা অধিসূচনা নং এইচ.এম.এ.৭৩৫/২০০৪/পি.টি.আই./২৪৩ অনুসৰি হেমন্ত কুমাৰ দাসে নিৰ্দেশটো জাৰি কৰিছিল। আদেশটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হয়। এই আদেশত অসন্তুষ্ট যিকোনো ব্যক্তিয়ে আদেশটো বাতিল/সংশোধন কৰাৰ বাবে তেওঁলোকৰ লিখিত আপত্তি দাখিল কৰাৰ বাবে আৰক্ষী উপায়ুক্তৰ (এডিএমএন) সন্মুখত হাজিৰ হ’ব পাৰে।