যুদ্ধপীড়িত ইউক্ৰেইনলৈ সাহায্য আৰু চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে ৷ এনডিআৰএফৰ এটা দলে আজি ভাৰতীয় বায়ু সেনাই হিন্দন এয়াৰবেচলৈ ১০০ টা টেণ্ট আৰু ২,৫০০ খন কম্বল প্ৰেৰণ কৰিছে ইউক্ৰেইনলৈ । ইয়াৰ পৰা ইউক্ৰেইনৰ নিকটৱৰ্তী দেশ ৰোমানিয়ালৈ এই সামগ্ৰীসমুহ নিয়া হ’ব। পৰৱর্তী সময়ত দিল্লীৰ পৰা পোলেণ্ডলৈ সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বিমান উৰা মাৰিব ৷ যোৱা নিশা বিমান সমূহত সামগ্ৰীসমুহ ভৰোৱা হয় ।
ইপিনে ইউক্ৰেইনৰ আকাশসীমা ৰাছিয়াৰ আক্ৰমণৰ বাবে বন্ধ হোৱাৰ লগে লগে, ভাৰত চৰকাৰে ভাৰতীয় নাগৰিকসকলক ৰোমানিয়ান সীমান্তলৈ লৈ গৈছে। ইয়াৰ ভাৰতীয়সকল দেশখনৰ ৰাজধানী বুখাৰেষ্টলৈ লৈ যোৱা হৈছে ৷