কল হৈছে শৰীৰৰ শক্তিবৰ্ধনকাৰী এবিধ উৎকৃষ্ট ফল । তাৎক্ষণিক শক্তি আহৰণৰ বাবে এই ফল অতি উপকাৰী । কল খাই বেয়া পোৱা মানুহ হয়তো বিচাৰি পোৱা নাযাব। আনহাতে কলৰ লগতে কলপচলা , কলডিল আদিবোৰেও খাদ্য হিচাপে বিশেষ সমাদৰ লাভ কৰি আহিছে । হিন্দু ধৰ্মৰ বিভিন্ন উৎসৱ-পাৰ্বণ, পূজা-বিয়া সকাম আদিতো কল বা কলগছৰ বহুল ব্যৱহাৰ দেখা যায় । কলপাতৰ পৰা কলপটুৱালৈকে, ফুলৰ পৰা ফললৈকে সকলো বোৰেই প্ৰয়োজনীয় বহুতো উপাদানেৰে পুষ্ট ।
কলৰ কিছুমান ঔষধি গুণৰ কথা তলত উল্লেখ কৰা হ’ল-
- কলক প্রাকৃতিক এন্টাচিড বুলি জনা যায়। কল খালে মানুহৰ পেট, বুকু আদিৰ জ্বলা-পোৰাৰ উপশম ঘটে। মানসিক বিষন্নতা হ্রাস কৰাৰ ক্ষেত্ৰতো কলৰ বহুত গুৰুত্ব আছে।
- কলত কেলৰিৰ পৰিমাণ যথেষ্ট কম থকাৰ বাবে চৰ্বী বেছি থকা লোকে কল খালেও উপকাৰ পাব পাৰে। কলত থকা আঁহজাতীয় পদার্থই বহু সময়লৈকে মানুহক ভোক নলগাকৈ ৰাখে।
- কলত থকা পেকটিন নামৰ ফাইবাৰ বিধে পাকস্থলীত খাদ্য হজম কৰাত সহায় কৰাৰ উপৰি কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।নিয়মিতভাৱে কল খালে হাৰ্ট এটেকৰ পৰাও যথেষ্ট হাত সাৰি থাকিব পৰা যায় ।
- কলত থকা পটাছিয়ামে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। কলে শৰীৰত পটাছিয়ামৰ পৰিমাণ বঢ়ায় আৰু লগতে ছডিয়ামৰ পৰিমাণ কমায়।এজন লোকে সপ্তাহত ৪-৬টা কল খালে , তেনে লোকৰ কিডনিৰ অসুখ হোৱাৰ আশংকাও হ্ৰাস পায় ।
- কলত থকা ভিটামিন ‘বি’য়ে তেজৰ শ্বেতৰক্ত কণিকাৰ পৰিমাণ বঢ়ায় যি মানুহৰ দেহত হোৱা প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কলত থকা আইৰনে ৰক্তহীনতাৰ পৰাও ৰোগীক যথেষ্ট পৰিত্ৰাণ দিয়ে।
কলৰ আন কিছুমান উপকাৰিতা আছে যিবোৰ দৈনন্দিন জীৱনত বিশেষ ভাৱে ফলপ্ৰসু হয়-
- কল খালে শৰীৰৰ গাঁঠিৰ বিষ নিয়ন্ত্ৰণত থাকে।
- কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে।
- থেতেলা খাই বা বিষ হৈ উখহি থকা অংশত পকা কল আৰু আটা পানীৰ লগত মিহলাই পিটিকি, জুইৰ ওপৰত গৰম কৰি লেপ বান্ধিলে যথেষ্ট উপশম পোৱা যায়।
- জুই বা আন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগালে বা বান্ধি থলে জ্বলা-পোৰা কমাৰ লগতে পানীজোলাও নাবান্ধে।
- নাকেৰে তেজ ওলালে আৰু এঁৱা ভাগিলে পকা কলৰ লগত চেনি আৰু গাখীৰ মিহলাই একেৰাহে কেইবাদিনো খালে এই ৰোগ ভাল হয়।
- পকা কলৰ লগত জিৰা গুড়ি মিহলাই খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়।
- পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে গাখীৰৰ লগত কল খালে যথেষ্ট উপশম পোৱা যায়।