তিল এবিধ উত্তম শস্য। ৰঙা , ক’লা , বগা তিনি ধৰণৰ তিল পোৱা যায় যদিও ক’লা তিল সৰ্বোৎকৃষ্ট। তিলৰ পৰা প্ৰস্তুত কৰা পিঠা খাবলৈ বৰ সোৱাদযুক্ত । তিলৰ পিঠা বলকাৰক আৰু পুষ্টিজনক । বিভিন্ন যাগ-যজ্ঞত তিল ব্যৱহাৰ কৰা হয়। তিল চাটনি হিচাপেও খোৱা হয়।তিল সুস্বাদু হোৱাৰ উপৰিও তিলৰ আছে বহুতো ঔষধি গুণ-
১) অনিয়মীয়া ঋতুস্ৰাৱত দিনে একোটাকৈ তিলৰ লাড়ু একেৰাহে ১৫ দিনমান খালেই ঋতুস্ৰাৱ নিয়মীয়া হয়।
২) এগিলাচ ছাগলী গাখীৰত চাৰি চামুচ ক’লা তিল সিদ্ধ কৰি খালে তেজ গ্ৰহণী ভাল হয়।
৩) জুয়ে পোৰাত তিল তেল সানিলে ৰোগীয়ে যথেষ্ট আৰাম পায়।
৪) ক’লা তিল গুড়ৰ লগত মিহলাই লাড়ু বনাই দিনে দুটাকৈ খালে শৌচ স্বাভাৱিক অৱস্থালৈ আহে।
৫) ক’লা তিল প্ৰায় ২০ গ্ৰাম খুন্দি শিশুক দিনে এবাৰ কৈ একেৰাহে ১৫/২০ দিন খুৱালেই শিশুৱে বিছনাত টোপনিত প্ৰস্ৰাৱ কৰা বন্ধ হয়।
ইয়াৰ উপৰিও তিল তেল চকু আৰু চুলিৰ বাবে উপকাৰী। ই মোলৰোধক। তিলে বায়ু , কৃমি ব্ৰণৰোগ ভাল কৰে।
তিলত মেগনেচিয়াম , জিংক , কেলচিয়াম আদি থকাৰ বাবে অষ্টিঅপৰ’চিচ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।