ইউক্ৰেইনত কোনো ভাৰতীয় শিক্ষার্থীক ‘পণবন্দী’ কৰি ৰখা হোৱা নাই ৷ এই কথা নিশ্চিত কৰিছে ভাৰত চৰকাৰে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইউক্ৰেইনে শিক্ষার্থীক বন্দী কৰি ৰখা বুলি ওলোৱা খবৰ অস্বীকাৰ কৰি কয় যে যুদ্ধবিধ্বস্ত দেশখনত ভাৰতীয় নাগৰিকসকলৰ সৈতে তেওঁলোকে নিৰন্তৰ সম্পৰ্ক বজাই ৰাখিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়-“আমি কোনো শিক্ষাৰ্থীক বন্দী কৰি ৰখা সন্দৰ্ভত কোনো খবৰ পোৱা নাই। আমি খাৰকিভ আৰু দেশখনৰ পশ্চিম প্ৰান্তত বাস কৰা শিক্ষাৰ্থীসকলক উলিয়াই নিয়াৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ইউক্ৰেইনৰ কৰ্তৃপক্ষক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছো ৷”
ৰাছিয়া চৰকাৰে দাবী কৰিছিল যে ইউক্ৰেইনৰ সেনা বাহিনীয়ে ভাৰতীয় শিক্ষাৰ্থীৰ এটা বৃহৎ দল ইউক্ৰেইনৰ পূব চহৰ খাৰকিভত পণবন্দী কৰি ৰাখিছে ৷ ৰাছিয়াৰ সামৰিক মুখপাত্ৰ এজনে সংবাদ মাধ্যমৰ আগত কয় “আমাৰ তথ্য অনুসৰি, ইউক্ৰেইন কৰ্তৃপক্ষই খাৰকিভত বেলগোৰোডলৈ যাব বিচৰা ভাৰতীয় শিক্ষাৰ্থীৰ এটা বৃহৎ দলক পণবন্দী হিচাপে ৰাখিছে ৷ ৰাছিয়াৰ সশস্ত্ৰ বাহিনীয়ে ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ সাজু ৷“ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ খাৰকিভৰ পৰিস্থিতিৰ লগতে ভাৰতীয় ছাত্ৰ আৱদ্ধ হৈ থকা বিষয়টো আলোচনা কৰে ৷ ৰাছিয়াৰ ভূমিৰে সংঘৰ্ষ স্থলীৰ পৰা ভাৰতীয়ক স্থানান্তৰ কৰাৰ বাবে “মানৱীয় কৰিডৰ” সৃষ্টি কৰাৰ আশ্বাস দিছে ৷ কোনো বাহন অথবা ৰেলৰ সুবিধা নথকা স্থানত আৱদ্ধ হৈ থকা শিক্ষার্থীসকলক পেচোচিন, বাবাই আৰু বেজলিদিভকালৈ খোজ কাঢ়ি যাবলৈ নির্দেশ দিছে ভাৰত চৰকাৰে ৷