যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা উভতি অহা ভাৰতীয় শিক্ষাৰ্থীসকলক একাংশ কেন্দ্ৰীয় মন্ত্ৰীয়ে ৰঙা গোলাপেৰে আদৰা পৰিলক্ষিত হৈছে ৷ পিছে চৰকাৰী ভাৱে এনেদৰে আদৰা কার্যক সমালোচনা কৰাহে পৰিলক্ষিত হৈছে ৷ বিৰোধীৰ লগতে ইউক্ৰেইনৰ পৰা ওভতি অহা একাংশ শিক্ষার্থীয়ে চৰকাৰৰ এই কার্যক সমালোচনা কৰি কয় যে সময়ত উদ্ধাৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা নাছিল ৷
বিহাৰৰ মতিহাৰীৰ দিব্যাংশু সিং নামৰ শিক্ষার্থীজনে হাংগেৰী হৈ দিল্লীত উপস্থিত হোৱাৰ পাছত কয় -“আমি সীমান্ত পাৰ হৈ হাংগেৰীত উপস্থিত হোৱাৰ পিছতহে ভাৰতীয় দূতাৱাসৰ পৰা সঁহাৰি লাভ কৰিছো ৷ তাৰ আগতে কোনোধৰণৰ সহায় কৰা হোৱা নাছিল। আমি যি কৰিছিলো , সেয়া নিজৰ প্ৰচেষ্টাৰে কৰিছিলোঁ। আমি দহজনে লগ হৈ এখন ৰেলত উঠিছিলো। ৰেলখন যাত্ৰীৰে ভৰ্তি হৈ আছিল।”ৰে’লত উঠিবলৈ বা সীমান্ত পাৰ হোৱাৰ সময়ত ভাৰতীয় শিক্ষাৰ্থীসকলে নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি ওলোৱা খবৰ সন্দর্ভত সিঙে কয় যে তেওঁলোকে স্থানীয় বাসিন্দাসকলৰ পৰা সহায় লাভ কৰিছে। তেওঁ লগতে কয় “স্থানীয় লোকসকলে আমাক সহায় কৰিছিল। কোনেও আমাৰ সৈতে দুৰ্ব্যৱহাৰ কৰা নাছিল। এইটো সঁচা যে কিছুমান শিক্ষাৰ্থীয়ে পোলেণ্ড সীমান্তত নিৰ্যাতনৰ সন্মুখীন হৈছিল। তাৰ বাবে আমাৰ চৰকাৰ জগৰীয়া। যদি সঠিক সময়ত পদক্ষেপ ল’লেহেঁতেন, আমি ইমান বোৰ সমস্যাৰ সন্মুখীন নহ’লোহেতেন । আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমেই ইয়াৰ নাগৰিকসকলক ইউক্ৰেইন এৰি যাবলৈ কৈছিল ৷”
দিল্লীত অৱতৰণ কৰাৰ পিছত তেওঁক দিয়া গোলাপটো প্ৰদর্শন কৰি ভাৰতীয় ছাত্ৰজনে কয়, “এতিয়া আমি ভাৰত আহি পোৱাৰ পাছত ফুল দিয়া হৈছে। ইয়াৰে কি বুজাব বিচৰা হৈছে ৷ আমি এই ফুলেৰে কি কৰিম? যদি তাত আমাৰ কিবা হ’লহেতেন তেন্তে আমাৰ পৰিয়ালৰ কি হ’লহেতেন ?”তেওঁ কয় যে চৰকাৰে সময়মতে পদক্ষেপ ল’লে এতিয়া ফুল দি আদৰাৰ কৰাৰ প্ৰয়োজন নহ’লেতেন ৷ তেওঁলোকৰ পৰিয়ালসমুহ বহুত চিন্তাত আছিল বুলিও প্ৰকাশ কৰে সিঙে ৷
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰা অনুসৰি বুখাৰেষ্টৰ পৰা আঠখন বিমানত আজি ৩,৭২৬ জন ভাৰতীয়ক ঘূৰাই অনা হ’ব ৷