চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ লক্ষীমপুৰ জিলাৰ নৈমিষা ক্ষেত্ৰ দলনি পথাৰ নকাৰীত বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হৈছে অখণ্ড ভাগৱত পাঠৰ এক বিশেষ অনুষ্ঠানৰ। লখিমপুৰ ৰেলৱে ষ্টেচনৰ নিচেই সমীপত আয়োজন কৰা হৈছে এই আধ্যাত্মিক অনুষ্ঠানৰ ।
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিশাল ধৰ্মীয় শোভাযাত্ৰাও অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটোলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্তৰ আগমন ঘটা বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। আধ্যাত্মিক চিন্তাৰে সমাজলৈ শান্তি বাৰ্তা কঢ়িওৱাৰ লগতে নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই ভাগৱত পাঠৰ বিশাল অনুষ্ঠানৰ ৷
নৈমিষা ক্ষেত্ৰ দলনি পথাৰ নকাৰীত আয়োজন কৰা এই বিশাল অখণ্ড ভাগৱত পাঠ অনুষ্ঠানৰ অহা ৪ মাৰ্চত অন্ত পৰিব।