ইউক্ৰেইনত পুটিনৰ ৰাছিয়াই আক্ৰমণ কৰাৰ পাছত বিশ্বৰ সংবাদ মাধ্যমে পূব ইউৰোপৰ ইউক্ৰেইনত সংঘটিত হৈ থকা ঘটনাপ্ৰবাহৰ বিষয়ে নিয়মিত লেখামেলা কৰি আহিছে। এই যুদ্ধ কিয় হৈছে, কিদৰে হৈছে, ইয়াৰ পৰা আৰম্ভ কৰি এই যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বিষয়ে যথেষ্ট চৰ্চা হৈছে। বিশেষত নাটো বাহিনীৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ সামৰিক সংস্থা) ক্ষেপনাস্ত্ৰৰ ঘাটি ইউক্ৰেইনত স্থাপন কৰা যো-জা আৰু বিশ্বৰ অন্যতম শক্তি ৰাছিয়াৰ প্ৰতিৱেশী ইউক্ৰেইনত এনে কাৰ্য হোৱাটো পুটিনে কেতিয়াও পছন্দ নকৰে। যিদৰে আমেৰিকা যুক্তৰাষ্ট্ৰই কানাডাত চীন বা ৰাছিয়াই ক্ষেপনাস্ত্ৰৰ ঘাটি স্থাপন কৰিব বিচাৰিলে প্ৰতিবাদ বা যুদ্ধ কৰিলেহেঁতেন ঠিক তেনেদৰে ৰাছিয়াই এতিয়া একাধিক সতৰ্কবাণী শুনোৱাৰ পাছত ইউক্ৰেইন আক্ৰমণ কৰিছে। এই আক্ৰমণৰ ফলত যিবোৰ বাণিজ্য যুদ্ধৰ অংক জড়িত হৈ আছে সেইবোৰৰ সৈতে ভাৰতৰ পোনপটীয়া সম্পৰ্ক নাই কিন্তু ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে থাকিব নে আজীৱন বন্ধুৰাষ্ট্ৰ ৰাছিয়াৰ সৈতে থাকিব সেই লৈ বিবাদ এটা চলি আছে। আৰু তাৰ মাজতে সৰ্বাধিক চৰ্চা লাভ কৰা বিষয়টো হৈছে অপাৰেশ্বন গংগা।
এই যুদ্ধখন আৰম্ভ হোৱাৰ পাছত ভাৰতীয় পৰিয়ালবোৰৰ উদ্ধাৰৰ বিষয়টোৱে ইমান চৰ্চা লাভ কৰা নাই যিমান ভাৰতীয় শিক্ষাৰ্থীয়ে তাৰ পৰা পলায়ন কৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে। প্ৰায় ১৯ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীয়ে ইউক্ৰেইনত চিকিৎসা শাস্ত্ৰৰ শিক্ষা লৈ আছিল। ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰিব বুলি ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে সতৰ্ক বাণী দি থকাৰ পাছতো প্ৰথমে ভাৰতীয়সকল উভতি আহিব নিবিচৰা আৰু সদৌ শেষত আক্ৰমণ আৰম্ভ হোৱাৰ পাছত সুৰক্ষিত হৈ স্বদেশলৈ আহিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনোৱা এই শিক্ষাৰ্থীসকলক লৈ বিশেষত ভাৰতৰ সংবাদ মাধ্যমত ইউক্ৰেইনৰ যুদ্ধখনৰ সৈতে জড়িত হৈ পৰিছে। অৱশ্যে কেন্দ্ৰ চৰকাৰৰ কল্যাণকামী পদক্ষেপৰ অংশ হিচাপে অপাৰেশ্বন গংগা নামেৰে বিদেশ মন্ত্ৰণালয়ে ভাৰতীয় বিমান প্ৰাধিকৰণ আৰু ভাৰতীয় বায়ু সেনাৰ সহযোগত শিক্ষাৰ্থী উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। এতিয়ালৈ অৰ্ধেকসংখ্যক শিক্ষাৰ্থী ভাৰত ভূমিত আহি উপস্থিত হৈছে। এয়া আমাৰ বাবে সুখবৰ।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা বোৰ্ডৰ (National Board of Education) প্ৰতিবেদনমতে প্ৰতিবছৰে বিদেশত মেডিকেল শিক্ষা গ্ৰহণ কৰি দেশলৈ অহা শিক্ষাৰ্থীয়ে Foreign Medical Graduates Examination চমুকৈ এফএমজিই (বিদেশ চিকিৎসা স্নাতক পৰীক্ষা) পৰীক্ষা দিয়াৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ২০১৫ চনত এই সংখ্যা ১২,১১৬ আছিল আৰু সেয়া ক্ৰমান্বয়ে বৃদ্ধি হৈ ২০২০ চনত ৩৫,৭৭৪ হৈছিল। ইমান সংখ্যক শিক্ষাৰ্থীয়ে বিদেশত মেডিকেল শিক্ষা গ্ৰহণ কৰি দেশত চিকিৎসা সেৱা আগবঢ়াবলৈ প্ৰৱেশ পৰীক্ষা দিয়া কথাটোৱে দেশত মেডিকেল শিক্ষাত অপৰ্যাপ্ত আসন থকাৰ কথাটো স্পষ্ট কৰিছে। গতিকে এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰাটো কেন্দ্ৰ চৰকাৰৰ অন্যতম দায়িত্বৰ এটা হৈ পৰিছে। অসমৰ পৰা যোৱা শিক্ষাৰ্থীসকল ঘৰলৈ ঘূৰি অহাৰ সময়ত ৰাজ্যখনত এই গুজৱ শুনিবলৈ পোৱা গৈছে যে বিদেশত ধন দি পঢ়িবলৈ যোৱা এই শিক্ষাৰ্থীসকলৰ এতিয়া পৰৱৰ্তী শিক্ষা কিদৰে সম্পূৰ্ণ হৈ পৰিব। এওঁলোকৰ ভৱিষ্যৎ এতিয়া কোন দিশে? ইউক্ৰেইনৰ সমস্যা যে ইমান সোনকালে সমাধা নহয় সেয়া স্পষ্ট গতিকে এনে প্ৰেক্ষাপটত এই সকল মেডিকেল শিক্ষাৰ্থীৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া মন কৰিবলগীয়া!