এইচডিএফচি বেংকে ক্ষুদ্ৰ উদ্যোগী তথা দোকানীসকলৰ সুবিধাৰ্থে “দোকানী অভাৰড্ৰাফ্ট আঁচনি” নামেৰে এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিখনৰ জৰিয়তে খুচুৰা বিক্ৰেতা আৰু দোকানীসকলে দেশৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বেংক এইচডিএফচিৰ পৰা দহ লাখ টকা পৰ্যন্ত ‘অভাৰড্ৰাফ্ট’ৰ সুবিধা ল’ব পাৰিব।
এইচডিএফচি বেংকে এক বিবৃতিযোগে মন্তব্য কৰে যে “ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা মনত ৰাখি নতুন আঁচনিখন সৃষ্টি কৰা হৈছে। ৬ বছৰতকৈ কম সময়ৰ কাৰ্যক্ষম দোকানসমূহৰ বাবে ৭.৫ লাখ টকা আৰু ৬ বছৰতকৈ অধিক সময় ধৰি ব্যৱসায় কৰি থকা সকলৰ বাবে ১০ লাখ টকা ঋণৰ সুবিধা ধাৰ্য কৰা হৈছে”।
আঁচনিখনে গাঁও পৰ্যায়ৰ উদ্যোগীসকলৰ বাবে ৫ লাখ টকাতকৈ অধিক ঋণৰ পৰিমাণত বাবে ০.৪০ শতাংশৰ পৰা ০.৮০ শতাংশ কমিছনৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ বাবে ৬০০ ৰো অধিক শাখা আৰু ভাৰ্চুৱেল সম্পৰ্ক ব্যৱস্থাপনাৰ সহায় লোৱা হৈছে।
বিগত ৩বছৰ ধৰি ব্যৱসায় কৰি থকা খুচুৰা ব্যৱসায়ী আৰু দোকানীসকলে আঁচনিখনৰ সুবিধা ল’ব পাৰিব। আঁচনিৰ সুবিধা ল’ব বিচৰা সকলে বিশেষ কোনো অসুবিধা নোহোৱাকৈ ৬মাহৰ বেংক ষ্টেটমেণ্টৰ ভিত্তিত নুন্যতম ৫০ হাজাৰ টকাৰ পৰা সৰ্বাধিক ১০ লাখ টকাৰ অভাৰড্ৰাফ্টৰ সুবিধা ল’ব পাৰিব।
ইয়াৰ বাবে খুচুৰা ব্যৱসায়ী বা দোকানীয়ে কোনো অংগীকাৰ পত্ৰ বা বন্ধক দিব নালাগে। গাঁৱৰ দোকানীয়েও আঁচনিৰ সুবিধা ল’ব পাৰিব।
“আমি এইচডিএফচি বেংকে উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ আগতে ব্যৱসায়ীসকলক তেওঁলোকৰ ভৰিত পুনৰ থিয় দিব পৰা সহায়ক আঁচনি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছো”- গভাৰ্ণমেণ্ট এণ্ড ইনষ্টিটিউশ্যনেল বিজনেছ, এইচডিএফচি বেংকৰ দেশীয় প্ৰধান, স্মিতা ভগতে এক বিবৃতিত এনেদৰে কয়।
চি.এছ.চি. এছ.পি.ভি.ৰ পৰিচালনা সঞ্চালক দিনেশ ত্যাগীয়ে কয় যে- “আঁচনিখন এই কঠিন আৰু অনিশ্চিত সময়ত সৰু দোকানী আৰু ব্যৱসায়ীসকলৰ লগতে আমাৰ গাঁও অঞ্চলৰ ব্যৱসায়ীসকলৰ বাবে এক ব্যৱহাৰিক প্ৰস্তাৱ।”