নাৰিকল বুলি ক’লে মনত পৰে নাৰিকলৰ লাড়ুৰ কথা।লাড়ুৰ উপৰিও নাৰিকলৰ পিঠা , চিৰা আদি খাবলৈ অতি সোৱাদময়।
ইংৰাজী নাম ঃ Coconut
বৈজ্ঞানিক নাম ঃCocos nucifera
নাৰিকল এবিধ সুস্বাদু ফল। নাৰিকল আমি তিনিটা অৱস্থাত পাব পাৰোঁ। কুমলীয়া , পূৰঠ আৰু শুকান এই তিনিওটা অৱস্থাতে নাৰিকলে আমাৰ বহুত উপকাৰ কৰি আহিছে-
কুমলীয়া নাৰিকল শক্তিকাৰক। ডাব নাৰিকলৰ পানী শীতল স্নিগ্ধ।এই পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰি সোনকালে ভোক লগোৱাত সহায় কৰে। ডাবৰ পানী লঘুপাকী আৰু তৃপ্তিকৰ। ই পিত্তৰোগ নাশ কৰাত সহায় কৰে। গৰমৰ দিনত আন শীতল পানীয় খোৱাতকৈ আমি ডাব নাৰিকলৰ পানী খোৱা উচিত। ডাবৰ পানীয়ে পিয়াহ গুচোৱাৰ লগতে অম্লপিত্ত ৰোগৰ কাৰণে উপকাৰী। ডাবৰ পানীয়ে শুক্ৰ বৃদ্ধি কৰাৰ লগতে কৃমি নাশ কৰে।
শুকান নাৰিকল পুষ্টিকৰ আৰু তেজদোষনাশক। এই নাৰিকলে বাত , পিত্তৰোগ নাশ কৰিব পাৰে। পাকস্থলী পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে নাৰিকল অতি প্ৰয়োজনীয়। বেমাৰী লোকে শৰীৰত শক্তি পাবলৈ নাৰিকল খাব লাগে। সুস্থ অৱস্থাত নাৰিকলে আমাৰ শৰীৰত যথেষ্ট শক্তি দিয়ে।
নাৰিকলৰ পৰা নাৰিকলৰ তেল প্ৰস্তুত কৰা হয়। এই তেল চুলিত লগালে চুলি বৃদ্ধি পায় আৰু সৌন্দৰ্য বৃদ্ধি পায়। নাৰিকলৰ তেলে ঘা শুকোৱাত সহায় কৰে। শ্বাস , কাহ আৰু যক্ষাৰোগৰ কাৰণে নাৰিকলৰ তেল উপকাৰী। আমাৰ দেহৰ কাৰণে প্ৰয়োজনীয় ‘ক’ , ‘খ’ আৰু ‘ঘ’ খাদ্যপ্ৰাণ পোৱা যায়। কাৰ্ব’হাইড্ৰেট আদিও নাৰিকলত যথেষ্ট পৰিমাণে পোৱা যায়।
নাৰিকলত প্ৰ’টিন , কেলচিয়াম , পটাচিয়াম , ফছফোৰাছ , আইৰণ থকাৰ উপৰিও আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয় উপাদান নিয়াচিন , বায়’টিন , থায়ামিন , পাইৰিড’ক্সিন আৰু ফলিক এচিদ যথেষ্ট পৰিমাণে পোৱা যায়।