বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ মাজমিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী গাঞ্জা সৰবৰাহকাৰী মহিলাক ৷ গড়চুক আৰক্ষীৰ এটা দলে ৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত বেটকুচিৰ ক’ৰবাহাৰৰ পৰা হাবিলা দৈমাৰী নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে ৷ গাঞ্জা সৰবৰাহকাৰী মহিলাগৰাকীৰ দখলৰ পৰা আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে ১.২৯৬ কিলোগ্ৰাম সন্দেহজনক গাঞ্জা আৰু ৩৫,০০০ টকাৰ নগদ ধন ।
আৰক্ষীৰ সূত্ৰ অনুসৰি হাবিলা দৈমাৰী মণ্টু দৈমাৰীৰ পত্নী আৰু বৰ্তমান তেওঁ গড়চুকৰ শান্তিপুৰৰ বাসিন্দা।
অৱশ্যে এই সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷