মেঘালয় চৰকাৰৰ সন্মতি অবিহনে এতিয়াৰ পৰা ৰাজ্যখনত প্ৰৱেশ প্ৰৱেশ কৰিব নোৱাৰিব চি বি আই ৷ মেঘালয় চৰকাৰে শেহতীয়াকৈ প্ৰত্যাহাৰ কৰিছে চি বি আইৰ প্ৰতি থকা সন্মতি ৷ অর্থাৎ ৰাজ্য চৰকাৰে অনুমতি প্ৰদান নকৰিলে চি বি আইয়ে কোনোধৰনৰ গোচৰৰ তদন্ত কৰিব নোৱাৰিব ৰাজ্যখনত ৷ মেঘালয় হৈছে চি বি আইৰ পৰা সন্মতি প্ৰত্যাহাৰ কৰা দেশৰ নৱমখন ৰাজ্য ৷ কনৰাড চাংমাৰ নেতৃত্বতাধীন নেচনেল পিপলছ পাৰ্টি বিজেপিৰ মিত্ৰদল হোৱা সত্বেও এই সিদ্ধান্ত গ্ৰহন কৰিছে ৷
উল্লেখ্য যে ২০১৮ চনৰ নৱেম্বৰত মমতা বেনাৰ্জীৰ নেতৃত্বত পশ্চিম বংগ চৰকাৰে পূৰ্বৰ বাওঁমৰ্চা চৰকাৰে ১৯৮৯ চনৰ পৰা চিবিআইক দিয়া সাধাৰণ সন্মতি প্ৰত্যাহাৰ কৰিছিল মিজোৰামৰ উপৰিও মহাৰাষ্ট্ৰ, পঞ্জাৱ, ৰাজস্থান, পশ্চিম বংগ, ঝাৰখণ্ড, ছত্তীশগড় আৰু কেৰালাই কেন্দ্ৰীয় তদন্ত সংস্থাৰ সন্মতি প্ৰত্যাহাৰ কৰিছিল।
২০১৫ চনত চি বি আইৰ সন্মতি প্ৰত্যাহাৰ কৰা মিজোৰাম প্ৰথম ৰাজ্য আছিল। ৰাজ্যখনৰ সেইসময়ত মুখ্যমন্ত্ৰী আছিল লাল থানহাওলা। ২০১৮ চনত, জোৰামথাঙ্গাৰ অধীনত মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ) ক্ষমতালৈ আহে যদিও এই সিদ্ধান্ত বাহাল ৰাখে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভাতৃ জেমছ পি কে চাংমাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে মেঘালয়ত চি বি আইৰ সন্মতি প্ৰত্যাহাৰ কৰা হৈছে ৷ ৰাজ্যখনত সৌভাগ্য আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল জেমছৰ বিৰুদ্ধে ৷ কংগ্ৰেছে এই কেলেংকাৰীটোৰ চি বি আই তদন্তৰ দাবী জনাইছিল।