বৰ্তমান প্ৰজন্মৰ সকলোৱে এই কথাটো নিশ্চয় জানে যে বিশ্বত যিকোনো ধৰণৰ যুদ্ধ হৈ থাকিলে ইউৰোপৰ দেশ চুইজাৰলেণ্ড সেইবোৰৰ পৰা আঁতৰত থাকে। চুইজাৰলেণ্ড নিৰপেক্ষ থকাৰ কথা সৰ্বজনবিদিত। প্ৰথম বিশ্বযুদ্ধৰ কথাই হওক বা দ্বিতীয় বিশ্বযুদ্ধৰ কথাই হওক, ইউৰোপৰ দেশ চুইজাৰলেণ্ড এইবোৰৰ পৰা আঁতৰত আছিল। মধ্য ইউৰোপৰ এলপছ্ পৰ্বতমালাত থকা এই সৰু দেশখনৰ মাটিকালি আমাৰ দেশৰ হাৰিয়ানা ৰাজ্যখনৰ সমান হ’ব। এই দেশখনে ১৮১৫ চনৰ পৰাই বিশ্বৰ কোনো এক সংঘাটৰ অংশ নোহোৱাকৈ আছে। আনকি দুখনকৈ বিশ্বযুদ্ধতো তেওঁলোক নিৰপেক্ষ হৈ আছিল। কিন্তু দুশ বছৰীয়া পৰম্পৰা ভংগ কৰি তেওঁলোকে এতিয়া নিজৰ স্থিতি সলনি কৰিছে।
আপোনালোক সকলোৱে চুইছ বেংকৰ নাম নিশ্চয় শুনিছে। জনপ্ৰিয় হিন্দী ছৱিয়েই হওক কিম্বা দক্ষিণৰ জনপ্ৰিয় ছৱি, এইবোৰত দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক, ব্যৱসায়ী তথা চৰকাৰী বিষয়াই চুইজাৰলেণ্ডৰ বেংকত ধন জমা কৰাৰ বিষয়টোক লৈ দৃশ্য থাকে। চিনেমাত দেখুওৱা কথাবোৰে নিশ্চয়কৈ আপোনালোকক চুইজাৰলেণ্ডৰ বেংকবোৰৰ সৈতে পৰিচয় কৰাই দিছে। চুইজাৰলেণ্ডৰ নিৰপেক্ষতাৰ ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি সেই দেশৰ বেংকবোৰেও এই নিশ্চিয়তা দিয়ে তেওঁলোকৰ বেংকত জমা কৰা ধনৰ হিচাপ নিকাচ একাউন্ট ধাৰকৰ বাদে অন্যক দিয়া নহয়। সেয়েহে চুইজাৰলেণ্ডত ধন (ক’লা ধন) জমা ৰখাটো সুৰক্ষিত। ভাৰত চৰকাৰেও এই চুইছ বেংকত কোনবোৰ ভাৰতীয়ই ধন জমা ৰাখিছে সেই তথ্য এতিয়ালৈ বেংকৰ সন্মতি নথকাৰ বাবে ফাদিল কৰিব পৰা নাই। ক’লা ধন স্বদেশলৈ লৈ আনিম বুলি নিৰ্বাচনত হুংকাৰ দিয়া জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই দিশত সফল হ’ব পৰা নাই। সেয়া বাৰু অন্য বিষয়। কিন্তু এতিয়া কথাবোৰ সলনি হৈছে।
ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিটত চুইজাৰলেণ্ডে নিজৰ স্থিতি সলনি কৰিছে। নিজৰ দুশ বছৰীয়া পৰম্পৰা ভংগ কৰি চুইজাৰলেণ্ডে এইবাৰ পক্ষ লৈছে। চুইজাৰলেণ্ডে এইবাৰ ইউৰোপৰ পক্ষ লৈছে, ইউক্ৰেইনৰ পক্ষ লৈছে। সামৰিক দিশত নহয়, অন্য এক পন্থাৰে চুইজাৰলেণ্ডে ৰাছিয়াৰ বিপক্ষে থিয় দিয়াৰ সাহস কৰিছে। ইয়াৰ অংশ স্বৰূপে দেশখনে এতিয়া তেওঁলোকৰ বেংকত জমা হৈ থকা ৰুছ নাগৰিকসকলৰ (ধনী ব্যৱসায়ী) ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ৰাছিয়াৰ অধিকাংশ বিনিয়োগকৰ্তা তথা ধনী ব্যৱসায়ীৰ ধন চুইজাৰলেণ্ডৰ বেংকত জমা হৈ আছে। এতিয়া চুইজাৰলেণ্ডৰ কৰ্তৃপক্ষই লোৱা সিদ্ধান্তৰ ফলত ৰাছিয়া শলঠেকত পৰিছে।
গুৰুত্বপূৰ্ণ কথা এয়াই যে সাৰ্বভৌম ৰাষ্ট্ৰ ইউক্ৰেইনত আক্ৰমণ কৰা ঘটনাটো বিশ্বৰ অধিকাংশ দেশে সমৰ্থন কৰা নাই। ৰাছিয়া মানে বিশেষত পুটিনৰ আগ্ৰাসী চৰিত্ৰই বিশ্বক স্তম্ভিত কৰি তুলিছে। ইয়াৰ ফলশ্ৰুতিত চুইজাৰলেণ্ডৰ দৰে নিৰপেক্ষ ৰাষ্ট্ৰইও এতিয়া নিজৰ আন্তঃৰাষ্ট্ৰীয় নীতি সলনি কৰিবলৈ বাধ্য হৈ পৰিছে। তৃতীয় বিশ্বযুদ্ধ প্ৰতিৰোধ কৰাৰ বাবে এয়া প্ৰয়োজনীয়।